NORTHEAST NOW (Assamese)
অসম

‘মুছলমানে খং আৰু লাখ লাখ ফ্ৰান্সৰ লোকক হত্যা কৰাৰ অধিকাৰ আছে’; মালেছিয়াৰ প্ৰাক্তন প্ৰধান মন্ত্ৰীৰ বিতৰ্কিত মন্তব্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 30, 2020 11:30 am

‘‘মুছলমানৰ খং কৰাৰ আৰু অতীতত হোৱা নৰসংহাৰৰ বাবে ফ্ৰান্সৰ লাখ লাখ লোকক হত্যা কৰাৰ অধিকাৰ আছে,’’ ফ্ৰান্সত তিনিগৰাকী লোকক গীৰ্জাত ডিঙি কাটি হত্যা কৰাৰ পাছতে মালেছিয়াৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মহাতিৰ মহম্মদে টুইটাৰত এইদৰে বিতৰ্কিত মন্তব্য কৰে।

মহাতিৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেকৰণ সন্দৰ্ভতো বিতৰ্কিত মন্তব্য প্ৰকাশ কৰে।

মালেছিয়াৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেকৰণক সভ্য নহয় বুলিও লগতে কয়।

‘‘বিদ্যালয়ৰ ইতিহাসৰ শিক্ষক গৰাকীক হত্যা কৰা সন্দৰ্ভত মেকৰণে মুছলমান আৰু ধৰ্মক দোষাৰোপ কৰিছে,’’ মহাতিৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি সম্পৰ্কত এইদৰে কয়।

পৰৱৰ্তী সময়ত মালেছিয়াৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীয়ে তেওঁৰ বিতৰ্কিত টুইটটো টুইটাৰৰ পৰা ডিলিট কৰে।

ফ্ৰান্সৰ গীৰ্জাত তিনিগৰাকী লোকক কট্টৰপন্থী ইছলামিক সন্ত্ৰাসবাদীয়ে ডিঙি কাটি হত্যা কৰাৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পেও এই ঘটনাক গৰিহনা দি আমেৰিকাৰ জনসাধাৰণ সদায় ফ্ৰান্সৰ সৈতে একেলগে আছে বুলি কয়।