NORTHEAST NOW (Assamese)
অসম

মাতৃগৃহৰ পৰা উভতি অহাৰ পথতে কণমানি জীয়ৰীসহ সন্ধানহীন গুৱাহাটীৰ এগৰাকী মহিলা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 30, 2020 4:58 pm
a mother

মাতৃগৃহৰ পৰা উভতি অহাৰ পথতে কণমানি জীয়ৰীসহ সন্ধানহীন হৈছে গুৱাহাটী মহানগৰীৰ এগৰাকী মহিলা।

সন্ধানহীন মহিলাগৰাকীৰ নাম সৰোজনী ৰাভা(২২) আৰু জীয়ৰীৰ নাম মানসী ৰাভা(৭) বছৰ।

যোৱা ১৪ অক্টোবৰৰ দিনা গুৱাহাটীৰ জাপৰিগোগস্থিত কৃষ্ণনগৰৰ স্বামীৰ বাসগৃহৰ পৰা জীয়ৰীসহ মাতৃগৃহলৈ ফুৰিবলৈ গৈছিল সৰোজনী ৰাভা।

তাৰ পাছত যোৱা ২৫ অক্টোৰৰ দিনা দুধনৈস্থিত মাতৃগৃহৰ পৰা উভতাৰ পথতে জীয়ৰীসহ সন্ধানহীন হয় সৰোজনী।

উক্ত দিনা সন্ধিয়া ঠিক ৭:৩০ বজাত জালুকবাৰী আহি পোৱাহি বুলি পৰিয়ালৰ লগত ফোনত বাৰ্তালাপ কৰিছিল সৰোজনীয়ে। তাৰ পাছৰে পৰা ফোনত সংযোগ পোৱা নাই সৰোজনীৰ স্বামী জিন্টু ৰাভা আৰু পৰিয়ালৰ অন্য লোকে।

ইতিমধ্যে, দুধনৈ থানাত আৰু জালুকবাৰী আৰক্ষী থানাত দুখনকৈ এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে। কিন্তু বৰ্তমানলৈকে কোনো সন্ধান লাভ কৰা নাই আৰক্ষীয়ে।

যদি কোনো সদাশয় লোকে মাতৃ-জীয়ৰীৰ সন্ধান লাভ কৰে তেন্তে 9127380146 আৰু 8638895071 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালৰ লোকে।