NORTHEAST NOW (Assamese)
অসম

দেশৰ বজাৰত মূল্য বৃদ্ধি; ভূটানৰ পৰা ৩০ হাজাৰ টন আলু আমদানি ভাৰতৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 31, 2020 9:35 am

দেশত আলু আৰু পিয়াঁজৰ মূল্য বৃ্দ্ধি প্ৰসংগত শুকুৰবাৰে কেন্দ্ৰীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ গোৱেলে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে।

সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্ৰী গোৱেলে দেশৰ ব্যক্তিগত ব্যৱসায়ীসকলে ইতিমধ্যে পিয়াঁজৰ নাটনি ৰোধৰ বাবে ৭ হাজাৰ টন পিয়াঁজ আমদানি কৰিছে বুলি উল্লেখ কৰাৰ লগতে দিপাৱলীৰ আগত পুনৰ ১৫ হাজাৰ টন পিয়াঁজ ভাৰত আহি পাব বুলি কয়।

গোৱেলে লগতে ভাৰতে ভূটানৰ পৰাও ৩০ হাজাৰ টন আলু আমদানি কৰিছে বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ভাৰত চৰকাৰে পিয়াঁজৰ মূল্য বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি অন্য ৰাষ্ট্ৰলৈ পিয়াঁজৰ ৰপ্তানি বন্ধ কৰাৰ লগতে পিয়াঁজৰ বীজৰ ৰপ্তানিৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰে।

বিগত বৰ্ষতো এই সময়ছোৱাত দেশত পিয়াঁজৰ প্ৰচুৰ নাটনি হোৱাৰ লগতে অস্বাভাৱিক মূল্য বৃদ্ধি হৈছিল।

ভাৰতে বিগত বৰ্ষত সৃষ্টি হোৱা পিয়াঁজৰ নাটনি ৰোধ কৰিবলৈ তুৰ্কীৰ লগতে আন আন দেশৰ পৰাও পিয়াঁজ ৰপ্তানি কৰিবলগীয়া হৈছিল।