NORTHEAST NOW (Assamese)
অসম

‘সৌহাৰ্দ্যপূৰ্ণভাৱে মীমাংসা’ হৈছে অসম-মিজোৰামৰ সীমা বিবাদ : অসমৰ মুখ্য মন্ত্ৰী

Posted by: এন ই নাও নিউজ March 10, 2018 11:10 pm

অসমৰ হাইলাকান্দিৰ মিজোৰাম সীমান্তৱৰ্তী বিবদমান এলেকাৰ ভূমি বিবাদ সমাধান হৈছে বুলি অসমৰ মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ে বিবৃতি জাৰি কৰিছে।

বিবৃতিটোত কোৱা হৈছে যে অসমৰ মুখ্য মন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী, গৃ্হ ৰাজ্য মন্ত্ৰী আৰু মিজোৰামৰ মুখ্য মন্ত্ৰী লাল থানহাউলাৰ সৈতে টেলিফ’নযোগে বাৰ্তালাপ কৰাৰ পিছত বিষয়টো ‘সৌহাৰ্দ্যপূৰ্ণভাৱে মীমাংসা’ হয়।

অসমৰ মুখ্য মন্ত্ৰীয়ে ঠাইডোখৰ অতীজৰে পৰা অসমৰ অন্তৰ্গত বুলি ৰাজহ বিভাগৰ তথ্য দাঙি ধৰে বুলি কোৱা হৈছে।

বিবৃতিটোত কোৱা মতে মিজোৰামৰ মুখ্য মন্ত্ৰীয়ে বেদখল বন্ধ কৰিবৰ বাবে যাৱতীয় ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি দিছে।

উত্তপ্ত হৈ থকা অসম-মিজোৰাম সীমান্তত আজি শনিবাৰে দিনত অসম আৰক্ষীয়ে গুলীচালনা কৰিছিল।