NORTHEAST NOW (Assamese)
Popular Stories

বজাৰত পিয়াঁজ-আলুৰ জুই-ছাই দাম : মূল্য হ্ৰাস কৰিবলৈ কেন্দ্ৰই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ, পিছে কি কি এই পদক্ষেপ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 31, 2020 4:47 pm
Onion-Potato

বজাৰত পিয়াঁজ-আলুৰ লগতে শাক পাচলিৰ মূল্যবৃদ্ধিয়ে জনতাক কোঙা কৰি পেলাইছে।

লকডাউনৰ পিছত নিম্ন আয় আৰু মধ্যবিত্তসকলৰ জীৱন জীৱিকাৰ ওপৰত এই মূল্যবৃদ্ধিয়ে পুনৰ মোক্ষম আঘাত দিয়া পৰিলক্ষিত হৈছে।

তেনে সময়তে কেন্দ্ৰ চৰকাৰে পিয়াজ-আলুৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণ আৰু হ্ৰাস কৰিবলৈ বিশেষ পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে।

শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী পিয়ুষ গোৱেলে সংবাদ মেল সম্বোধন কৰি কয় যে বিদেশৰ পৰা আমদানি কৰি অনা পিয়াঁজ বাফাৰ ষ্টকৰ পৰা ৰাজ্যসমূহলৈ সৰবৰাহ কৰা হ’ব।

“ইতিমধ্যে বেচৰকাৰী সংস্থাসমূহৰ উদ্যোগত সাত হাজাৰ টন পিয়াঁজ আমদানি কৰা হৈছে। দেৱালীৰ পূৰ্বে আৰু পাঁচ হাজাৰ টন পিয়াঁজ আমদানি কৰা হ’ব। ৰাজ্যসমূহক বাফাৰ ষ্টকৰ পৰা পিয়াঁজ যোগান ধৰা হ’ব।” কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয়।

কৃষাণ ৰেইলৰ যোগে ৰাজ্যসমূহলৈ পিয়াঁজ প্ৰেৰণ কৰা হ’ব বুলিও কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে লগতে কয়।

অৱশ্যে ৰাজ্যসমূহক কিমান পৰিমাণকৈ পিয়াঁজ বিতৰণৰ কৰিব কেন্দ্ৰ চৰকাৰে তাৰ সীমা নিৰ্দিষ্ট কৰিব বুলিও তেওঁ জনায়।

“বজাৰত নতুন পিয়াজ আহিলেই পিয়াঁজৰ দাম কমিব।” কেন্দ্ৰীয় মন্ত্ৰী পিয়ুষ গোৱেলৰ দাবী।

ইফালে অত্যাৱশ্যকীয় পণ্য সামগ্ৰী আলুৰ দাম নিয়ন্ত্ৰণৰ বাবেও কেন্দ্ৰই বিশেষ পদক্ষেপ লোৱা বুলি মন্ত্ৰী গৰাকীয়ে সংবাদ মেলত অৱগত কৰে।

“বৰ্তমান আলুৰ দাম ৪২ টকা। চৰকাৰে আলুৰ আমদানি কৰাৰ ব্যৱস্থাও কৰিছে। কিছু দিনৰ পিছতে ৩০ হাজাৰ টন আলু ভূটানৰ পৰা আহি পাবহি। আলুৰ দাম নিয়ন্ত্ৰণৰ বাবে প্ৰায় ১০ লাখ টন আলু আমদানি কৰা হ’ব।” মন্ত্ৰী গৰাকীয়ে কয়।

উল্লেখ্য যে কেন্দ্ৰই ‘অত্যাৱশকীয় পণ্য আইন’ সংশোধন কৰি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ তালিকাৰ পৰা আলু, পিয়াজ, চাউল, ডাইল, তেল আদি বাদ দিছে।

ইয়াৰ পিছৰে পৰা দেশত আলু আৰু পিয়াঁজৰ দাম অভাৱনীয়ভাৱে বৃদ্ধি পোৱা বুলি বিৰোধীয়ে দাবী কৰিছে।

আনহাতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে দাবী কৰাৰ দৰে সঁচাই পিয়াঁজ-আলুৰ দাম হ্ৰাস হ’ব নে নাই সেয়া লক্ষণীয় হ’ব।