NORTHEAST NOW (Assamese)
অসম

অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা ৰমেন দত্তৰ দেহাৱসান

Posted by: স্মিতা ভট্টাচাৰ্য্য Updated by: স্মিতা ভট্টাচাৰ্য্য October 31, 2020 10:11 pm
Assam’s mobile theatre actor Ramen Dutta passes away

অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনাজাত অভিনেতা তথা ভাওনা শিল্পী ৰমেন দত্তৰ শনিবাৰে যোৰহাটৰ পতিয়া গাঁৱৰ নিজ গৃহত দেহাৱসান ঘটিছে।

দীৰ্ঘদিনধৰি অসুস্থ হৈ থকা দত্তৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৫৩ বছৰ।

অভিনেতাগৰাকীয়ে তেওঁৰ মাতৃ আৰু এজন পুত্ৰক এৰি থৈ গৈছে।

দত্তই আৱাহন, হেঙুল, মেঘদূত, মুকুন্দ, ভাস্কৰ আৰু উদ্দীপনা আদি ৰাজ্যখনৰ বহুকেইটা ভ্ৰাম্যমাণ নাট্যদলত অভিনয় কৰিছিল।

দত্তই ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত বহুকেইখন নাটকত অভিনয় কৰিছিল আৰু দুই দশকতকৈয়ো অধিক কাল ৰাজ্যখনৰ সাংস্কৃতিক জগতৰ সৈতে জৰিত আছিল।

দত্ত যোৰহাটৰ কল্যাণী নৱজ্যোতি শংকৰী কলা কৃষ্টি কেন্দ্ৰ আৰু বহু আন সামাজিক-সাংস্কৃতিক সংগঠনৰ সৈতে জৰিত আছিল।

শিল্পীগৰাকীৰ মৃত্যুত বিভিন্ন ব্যক্তি আৰু সংগঠনে শোক প্ৰকাশ কৰিছে।