NORTHEAST NOW (Assamese)
অসম

মহিলাৰ অসহায় অৱস্থাৰ সুযোগ লৈ অশ্লীল ভিডিঅ’ প’ষ্ট; গ্ৰেপ্তাৰ হ’ল যুৱক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 1, 2020 11:28 am
WhatsApp Image 2020-11-01 at 10.59.30 AM

পুনৰ চাইবাৰ অপৰাধৰ বলি মহিলা। আৰু সেই একেই ধৰণে চিনাকি মুখৰ ঘৃণিত কাম। প’ৰ্ণ ছবিৰ ছাইটত মহিলাৰ অশ্লীল ভিডিঅ’ প’ষ্ট কৰি ধন উপাৰ্জন কৰা মিলিন্দ জাদে নামৰ লম্পট যুৱকক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে।

বাতৰি অনুসৰি, মুম্বাইৰ পালঘৰৰ ক্ৰাইম ব্ৰাঞ্চ শাখাই অভিযুক্ত যুৱকক গ্ৰেপ্তাৰ কৰিছে।

বাতৰি অনুসৰি, অভিযুক্ত যুৱকজনে একাধিক মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি তেওঁলোকৰ ভিডিঅ’ প’ৰ্ণ ছাইটত আপলোড কৰিছিল।

নিজৰেই এগৰাকী বান্ধৱীক প্ৰথমতে টাৰ্গেট কৰি লৈছিল এই লম্পট যুৱকজনে। বান্ধৱীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি তাৰ ভিডিঅ’ প’ৰ্ণ ছাইটত আপলোড কৰিছিল যুৱকজনে।

ইয়াৰ বিনিময়ত তেওঁ লাভ কৰিছিল শকত পৰিমানৰ ধন।

সেইদৰে একাধিক মহিলাৰ অসহায় অৱস্থাৰ সুযোগ গ্ৰহণ কৰি এইদৰে এনে নিকৃষ্ট উপায়েৰে ধন উপাৰ্জন কৰিছিল মিলিন্দ জাদে নামৰ লম্পট যুৱকজনে।

আনহাতে, বিক্ৰমগড়ৰ এগৰাকী যুৱতীক একেদৰে জালত পেলোৱাৰ চেষ্টা চলাওতে যুৱতীগৰাকীয়ে তেওঁৰ অভিপ্ৰায় ধৰা পেলায়। তেওঁ গোটেই বিষয়টো আৰক্ষীক অৱগত কৰে।

ইয়াৰ পাছতে বিক্ৰমগড়ৰে আন এগৰাকী মহিলায়ো লম্পট যুৱকজনৰ বিৰুদ্ধে আৰক্ষীক অনুৰূপ অভিযোগ দিয়ে।

আৰক্ষীয়ে পৰিকল্পিত অভিযান চলাই অৱশেষত যুৱকজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, যুৱকজনে আৰক্ষীৰ চকুত ধূলি দি কেইবাদিনো পলাই সাৰিবলৈ সক্ষম হৈছিল।

আৰক্ষীয়ে লম্পট যুৱকজনৰ বিৰুদ্ধে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে।