NORTHEAST NOW (Assamese)
অসম

IGNOUৰ নামভৰ্তিৰ সময়সীমা বৃদ্ধি; কেনেকৈ কৰিব পঞ্জীয়ন?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 2, 2020 8:37 am
ignou-september-2020-hall-ticket

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (IGNOU)ৰ জুলাই শিক্ষাবৰ্ষৰ  বাবে নামভৰ্তিৰ সময়সীমা বৃদ্ধি কৰা হৈছে।

এতিয়া  IGNOU ২০২০ৰ নামভৰ্তিৰ বাবে আবেদনৰ সময়সীমা ১৫ নৱেম্বৰ ২০২০’লৈ বৃদ্ধি কৰা হৈছে।

পূৰ্বে  IGNOU ২০২০ৰ জুলাই শিক্ষাবৰ্ষৰ নামভৰ্তিৰ বাবে আবেদনৰ অন্তিম সময়সীমা আছিল ৩১ অক্টোবৰ।

কৰ’না পৰিস্থিতিৰ বাবে এতিয়া ১৫ নৱেম্বৰলৈ এই তাৰিখ বৃদ্ধি কৰা হৈছে।

যিসকল প্ৰাৰ্থীয়ে IGNOUৰ আগন্তুক শিক্ষাবৰ্ষত নামভৰ্তি কৰিব বিচাৰে তেওঁলোকে IGNOUৰ অফিচিয়েল ৱেবছাইট ignou.ac.inত গৈ নাম পঞ্জীয়ন কৰি আবেদনপত্ৰ পূৰণ কৰিব লাগিব।

কিন্তু কেনেকৈ কৰিব পঞ্জীয়ন? চাওক তাৰ প্ৰক্ৰিয়া-

ক) IGNOUৰ অফিচিয়েল ৱেবছাইট ignou.ac.inত যাব লাগিব।

খ) হোমপেজত গৈ ‘Admissions’ টেবত ক্লিক কৰিব। তাৰপাছত ‘Register Online’ ত ক্লিক কৰিব।

গ) ইয়াত উল্লেখ কৰা তথ্যসমূহ দি আবেদন পত্ৰ পূৰণ কৰিব লাগিব।

ঘ) আনলাইন যোগে আবেদন মাছুল জমা দিব লাগিব।

প্ৰাৰ্থীসকলে পঞ্জীয়নৰ লগতে অনলাইন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকৰ আবেদন পত্ৰৰ শেহতীয়া স্থিতি সম্পৰ্কে ট্ৰেক কৰিব পাৰিব।

সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে পঞ্জীয়ন মাছুল হৈছে ২০০টকা। এইক্ষেত্ৰত সংৰক্ষিত শ্ৰেণীৰ বাবে কোনো পঞ্জীয়ন মাছুল নালাগে।