NORTHEAST NOW (Assamese)
অসম

GMCH ত বৰ্তমান কেনে আছে অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 2, 2020 1:19 pm
Tarun-Gogoi-positive-1200x900

দেওবাৰে নিশা প্ৰায় ১০:৩০ বজাত অসুস্থ হৈ পৰাত ১১ বজাত জি এম চি এইচত ভৰ্তি কৰোৱা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক।

কালি অৱস্থা কিছু জটিল আছিল যদিও বৰ্তমান কালিৰ তুলনাত উন্নত হৈছে স্বাস্থ্যৰ অৱস্থা।

বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক non invasive ventilation ত ৰখা হৈছে।

কাৰ্বন ডাইঅ’ক্সাইড  আৰু এমনীয়া বেছি হৈছে তৰুণ গগৈৰ।

উল্লেখ্য যে দীৰ্ঘদিনৰ মূৰত  ২৫ অক্টোৱৰৰ বিয়লি চিকিৎসালয়ৰ পৰা বাসগৃহলৈ উভতিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।

গগৈক পোনে পোনে দিছপুৰৰ চৰকাৰী বাসভৱনলৈ নিয়া হৈছিল।

তেওঁক ঘৰলৈ অনাৰ পিছতো  হ’ল যদিও GMCH ৰ  চিকিৎসকৰ নিৰীক্ষণত ৰখাৰ ব্যৱস্থা কৰা হৈছিল।

তৰুণ গগৈ যোৱা ২৬ আগষ্টৰ পৰা কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।

কৰোনাৰ পৰা মুক্ত হোৱাৰ পাছতো তেওঁৰ দেহত অক্সিজেনৰ অভাৱ ঘটিছিল বাবে ICU ত চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছিল।

পূৰ্বৰ চিকিৎসকৰ দলটোৱেই চিকিৎসা কৰি আছে গগৈক। ইতিমধ্যে পুত্ৰ সাংসদ গৌৰৱ গগৈ দিল্লীৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হৈছে।