NORTHEAST NOW (Assamese)
অসম

ৰিলায়েন্সৰ শ্বেয়াৰ ডাউন; ৫২ হাজাৰ কোটি টকাৰ লোকচান মুকেশ আম্বানিৰ!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 3, 2020 7:38 am
Mukesh-Ambani-Picture

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰ এদিনতে ৮.৬শতাংশ তললৈ নামিল। ইয়াৰ ফলত সাত বিলিয়ন ডলাৰ লোকচানৰ সন্মুখীন হ’ল এছিয়াৰ ভিতৰত ধনী ব্যক্তি মুকেশ আম্বানি।

যোৱা ২৩ মাৰ্চৰ পাছত ৰিলায়েন্সৰ শ্বেয়াৰৰ দৰ ইমান হ্ৰাস পোৱা নাছিল।

কোৱাৰ্টাৰলি ৰিজাল্ট আশানুৰূপ হোৱাৰ বাবেই ৰিলায়েন্সৰ শ্বেয়াৰৰ এনেদৰে পতন ঘটা বুলি কোৱা হৈছে।

বিএছই ষ্টক এক্সচেঞ্জৰ ৩০টা শ্বেয়াৰৰ ভিতৰত আটাইতকৈ নিকৃষ্ট ফল লাভ কৰিছে ৰিলায়েন্সে।

ব্লুমবাৰ্গ বিলিঅ’নেয়াৰ ইনডেক্সত আম্বানিৰ ধনৰ পৰিমান ৭১বিলিয়ন ডলাৰ হ্ৰাস পাইছে।

আনহাতে, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ত্ৰিমাসিক লাভৰ পৰিমান প্ৰায় ১৫শতাংশ হ্ৰাস পাইছে। কৰ’না পৰিস্থিতিত তেলৰ চাহিদা হ্ৰাস পোৱাৰ বাবেই লাভ হ্ৰাস পাইছে।

ৰিলায়েন্সৰ তেলৰ ৰাজহ ২৪ শতাংশ হ্ৰাস পাইছে। মুকেশ আম্বানিয়ে এনে কাৰণতে তেলৰ ব্যৱসায়ৰ পৰা লাহে লাহে আঁতৰি আহি আন ব্যৱসায়ত মন মেলিছে।

উল্লেখ্য যে চলিত বছৰত ৰিলায়েন্সৰ শ্বেয়াৰ দৰ ২৫ শতাংশলৈ বৃদ্ধি পাইছিল। আনহাতে, ছেনছেক্স ৩.৬শতাংশ পতন হোৱাৰ পাছত মুকেশ আম্বানিৰ ধনৰ পৰিমান ১৯.১ বিলিয়ন ডলাৰলৈ বৃদ্ধি পায়।

পিচে, সোমবাৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে বৃহৎ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হ’ল।