NORTHEAST NOW (Assamese)
অসম

আমাৰ হকী দল দুটাই টকিঅ’ অলিম্পিকত ভাল প্ৰদৰ্শন আগবঢ়াব : কিৰেন ৰিজিজু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 3, 2020 4:59 pm

অহা বছৰ হ’ব লগীয়া টকিঅ’ অলিম্পিকত ভাৰতৰ পুৰুষ আৰু মহিলাৰ দল দুটাই উন্নতমানৰ প্ৰদৰ্শন আগবঢ়াব বুলি যথেষ্ট আশাবাদী হৈ আছে দেশৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেন ৰিজিজু।

উল্লেখ্য যে মহামাৰী ক’ৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ২০২০ টকিঅ’ অলিম্পিক অহা বছৰলৈ পিছুৱাই দিয়া হৈছিল।

বিশ্বৰ সৰ্ববৃহৎ এই প্ৰতিযোগিতাখন এতিয়া অহা বছৰ ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ চলিব। তদুপৰি পেৰা অলিম্পিকো অহা বছৰৰ ২৪ আগষ্টৰ পৰা ৫ চেপ্তেম্বৰত অনুষ্ঠিত হ’ব।

এই প্ৰসংগত ৰিজিজুৱে আজি কয়, ‘মই সম্পূৰ্ণ বিশ্বাস আৰু আশাৰে কৈছো যে টকিঅ’ অলিম্পিকত ভাৰতৰ পুৰুষ আৰু মহিলাৰ দল দুটাই ভাল প্ৰদৰ্শন কৰিব। ইয়াৰ বাবে দুয়োটা দলৰ খেলুৱৈয়ে যথেষ্ট কষ্ট কৰি আছে। আমাৰ ফালৰ পৰাও তেওঁলোকক সকলো সুবিধা প্ৰদান কৰিছো’।

উল্লেখ্য যে, মন্ত্ৰী ৰিজিজুৱে সোমবাৰে পঞ্জাৱৰ জিৰাকপুৰত নিৰ্মিত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ নতুন কেন্দ্ৰ এটি মুকলি কৰে।

নতুনকৈ উদ্বোধন কৰা ছাইৰ এই কেন্দ্ৰটিয়ে ভাৰতৰ উত্তৰ প্ৰান্তৰ খেলুৱৈসকলৰ উত্তৰণত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলিও মন্তব্য কৰে ৰিজিজুৱে।