NORTHEAST NOW (Assamese)
অসম

৩০০ প্ৰতিনিধিৰে টীয়কত যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা সম্পন্ন

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক November 3, 2020 9:10 pm
Screenshot_2020-11-03-17-36-17_1

টীয়কৰ চিন্তামণিগড়ত আজি শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়।

মহকুমাটোৰ প্ৰায় ৩০০ প্ৰতিনিধিৰ উপস্থিতীত উক্ত সভাত পৰবৰ্তী বছৰৰ বাবে বিতোপন বৰাক সভাপতি আৰু যদুমণি বৰুৱাক সম্পাদক হিচাপে লৈ এখনি পূৰ্ণাংগ সমিতি গঠন কৰা হয়।

প্ৰতিনিধি সভাৰ প্ৰাকক্ষণত চিন্তামণিগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত স্থায়ীভাৱে  নিৰ্মিত ছহিদ বেদী উদ্বোধন কৰে।

বৰ্তমানৰ চৰকাৰখনে ছহিদবেদী পুনৰ নিৰ্মাণৰ বাবে আগবঢ়োৱা অনুদান  একাংশ দালালে আত্মসাৎ কৰাৰ অভিযোগ কৰে ছাত্ৰ সন্থাই।

সেয়ে এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে ছাত্ৰ সন্থাই।