NORTHEAST NOW (Assamese)
Popular Stories

মহিলা নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ বলিউদৰ জনপ্ৰিয় অভিনেতা বিজয় ৰাজ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 4, 2020 10:58 am

এগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগত হিন্দী ছবি জগতৰ বলিষ্ঠ অভিনেতা বিজয় ৰাজক গ্ৰেপ্তাৰ কৰা হৈছে।

শ্বেৰণি নামৰ এখন ছবিৰ শ্বুটিঙত জড়িত এগৰাকী মহিলা ক্ৰু সদস্যক নিৰ্যাতন চলোৱাৰ অভিযোগত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

ভুক্তভোগী মহিলাজনীয়ে জনোৱা মতে ২ নৱেম্বৰৰ নিশা দ্যা গেটৱে হোটেলত নিৰ্যাতনৰ ঘটনাটো ঘটিছিল।

আৰক্ষীয়ে আটক কৰাৰ পিছত অভিনেতা গৰাকীক আদালতত হাজিৰ কৰোৱা হয় আৰু পিছত তেওঁক জামিনত মুক্তি দিয়ে।

জানিব পৰা মতে, এগৰাকী মহিলা ক্ৰু সদস্যৰ সৈতে নিৰ্যাতন চলোৱাৰ অভিযোগত মঙলবাৰে গোন্দিয়াৰ পৰা অভিনেতা বিজয় ৰাজক আটক কৰা হৈছিল।

অভিনেতাজনৰ বিৰুদ্ধে গোন্দিয়া চহৰৰ ৰামনগৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ (এ) (ঙ) ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।

উল্লেখ্য যে ৩ নৱেম্বৰত আটক কৰাৰ পিছত দুপৰীয়া ২ বজাত বিজয় ৰাজক আদালতত হাজিৰ কৰোৱা হৈছিল। য’ত আদালতে অভিনেতাজনক জামিন প্ৰদান কৰে।