NORTHEAST NOW (Assamese)
অসম

চলিত বৰ্ষৰ সমাপ্তিত কোভিডৰ পূৰ্বৰ স্থিতিত উপনীত হ’ব ভাৰতীয় অৰ্থনীতি : সীতাৰমন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 5, 2020 5:17 pm

‘ভাৰতীয় অৰ্থনীতিয়ে দ্ৰুত গতিত পুনৰুদ্ধাৰৰ দিশে গতি কৰিছে আৰু চলিত বৰ্ষৰ শেষৰ ফালে কোভিডৰ পূৰ্বৰ স্থিতি লাভ কৰিব।’

বুধবাৰে দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে দেশৰ শেহতীয়া অৰ্থনৈতিক অৱস্থা সম্পৰ্কে এইদৰে মত প্ৰকাশ কৰে।

অক্টোবৰ মাহত শক্তি ক্ষেত্ৰ, উদ্যান শস্য, গাড়ী উদ্যোগকে ধৰি অন্যান্য ক্ষেত্ৰত ভাল ফলাফল দেখা গৈছে যাৰ প্ৰভাৱ ভাৰতীয় অৰ্থনৈতিক বিকাশত পৰিব বুলি সীমাৰমনে কয়।

আনহাতে, বিত্ত মন্ত্ৰী সীতাৰমনে ক’ৰ’নাৰ দ্বিতীয় ৱেভ ৰোধৰ ক্ষেত্ৰত জনসাধাৰণক সজাগ হৈ থকাৰ লগতে মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব পালন কৰাৰ বাবেও আহ্বান জনায়।

উল্লেখযোগ্য যে, ক’ৰ’নাৰ সংক্ৰমণৰ বাবে দেশত ঘোষণা কৰা ল’কডাউনৰ বাবে ভাৰতৰ প্ৰায় সকলো ধৰণৰ অৰ্থনৈতিক কাম-কাজ বন্ধ হৈ থকাৰ ফলত দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ ঋণাত্মক দিশত গতি কৰিছে।