NORTHEAST NOW (Assamese)
অসম

ইমান মিছা কথা কয়! ট্ৰাম্পৰ ভাষণৰ মাজতে লাইভ সম্প্ৰচাৰ বন্ধ কৰি দিলে টিভি নেটৱৰ্কে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 6, 2020 12:02 pm
WhatsApp Image 2020-11-06 at 11.17.31 AM

একেৰাহে মিছা কথা কৈ গৈছে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। এই অভিযোগেৰে আমেৰিকাৰ বহু টিভি নিউজ নেটৱৰ্কে তেওঁৰ ভাষণৰ লাইভ সম্প্ৰচাৰ বন্ধ কৰি দিলে।

তেওঁলোকে অভিযোগ কৰে যে ট্ৰাম্পে ভাষণত মিছা আৰু ভুল তথ্য দাঙি ধৰিছে।

দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পাছত প্ৰথমবাৰ ডোনাল্ড ট্ৰাম্পে টেলিভিশ্বনত ভাষণ দিছিল। কিন্তু ভাষণ চলি থকাৰ মাজতে টিভি চেনেলসমূহে তেওঁৰ লাইভ সম্প্ৰচাৰ বন্ধ কৰি দিয়ে।

ট্ৰাম্পে তেওঁৰ ১৭ মিনিটৰ ভাষণত ভুল তথা হিংসাত্মক বক্তব্য ৰখা বুলি অভিযোগ কৰা হৈছে।

ট্ৰাম্পে ডেম’ক্ৰেটসকলে বেআইনীভাৱে ভোট ব্যৱহাৰ কৰা আৰু আমেৰিকাৰ পৰা ভোট চুৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল।

ডোনাল্ড ট্ৰাম্পে কোনো তথ্য প্ৰমান নোহোৱাকৈয়ে তেওঁৰ অভিযোগসমূহ দাঙি ধৰাৰ বাবে টিভি নিউজ নেটৱৰ্কসমূহ অতিষ্ঠ হৈ পৰে।

ট্ৰাম্পৰ লাইভ সম্প্ৰচাৰ বন্ধ কৰা টিভি চেনেলসমূহৰ ভিতৰত আছিল MSNBC, NBC আৰু ABC, CNN আদি।

CNNৰ জেক ট্যেপাৰে কয়,’’ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভুল কৰি অভিযোগ আনিছে, মানুহে নিৰ্বাচনত চুৰ কৰিছে। এয়া শুনাতকৈ বেয়া নিশা আমেৰিকাৰ বাবে আন একো হ’ব নোৱাৰে।‘’

ৰাজনৈতিক পৰ্যবেক্ষকৰ ধাৰণা যে নিৰ্বাচনত পৰাজয়ৰ আশংকাত দিক্-বিদিক হেৰুৱাইছে ডোনাল্ড ট্ৰাম্পে। সেয়েহে, তেওঁৰ এই আচৰণত প্ৰকাশ পাইছে এনেধৰণৰ বিভ্ৰান্তি।