NORTHEAST NOW (Assamese)
Popular Stories

আৰক্ষী-সেনাৰ সন্মুখতে “পাকিস্তান জিন্দাবাদ” ধ্বনি আজমলক আদৰিব যোৱা সমৰ্থকৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 6, 2020 1:08 pm

শিলচৰৰ বিমান বন্দৰত আজমলক আদৰণি জনোৱাৰ সময়ত পাকিস্তান জিন্দাবাদ ধ্বনি শুনিবলৈ পোৱা গৈছে।

আজমলক আদৰিবলৈ যোৱা কিছু সংখ্যক আজমলৰ সমৰ্থকে তথা এ আই য়ু ডি এফ দলৰ কৰ্মীৰ মুখত পাকিস্তান জিন্দাবাদ বুলি দিয়া ধ্বনি স্পষ্টকৈ প্ৰকাশ পাইছে ভিডিঅ’টোত।

ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ভিডিঅ’টো।

আৰক্ষী-অৰ্ধ সামৰিক বাহিনীৰ উপস্থিতি তথা সন্মুখতে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ পিছতো সেই লোকসকলৰ বিৰুদ্ধে কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

কিছুদিন পূৰ্বে আৰৱী ভাষাৰ বেনাৰক কেন্দ্ৰ কৰি বিতৰ্কত সোমোৱা বদৰুদ্দিন আজমল পুনৰ এক নতুন বিতৰ্কত সোমাই পৰিছে।

তেওঁৰ সন্মুখত কিদৰে পাকিস্তান জিন্দাবাদ দিবলৈ সাহস কৰিলে বা তেওঁ কিয় এবাৰো বাধা নিদিলে বুলিও প্ৰশ্ন উত্থাপিত হৈছে।

ড০ হিমন্ত বিশ্ব শৰ্মাইয়ো এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

নিজৰ ফেইচবুক পেইজৰ পৰা তেওঁ আপলোড কৰিছে এই ভিডিঅ’টো।

ইয়ে কংগ্ৰেছক ভালদৰে উদঙাই দিছে যিয়ে মিত্ৰতা কৰি এনে শক্তিক উৎসাহিত কৰি আছে বুলিও কটাক্ষ কৰে হিমন্তই।

“আমি ইয়াৰ বিৰুদ্ধে সৰ্বতো প্ৰকাৰে যুঁজ দিম।” হিমন্তই এইদৰে কয়।