NORTHEAST NOW (Assamese)
অসম

জাগীৰোডৰ তিখাবৰীত ৰহস্যজনকভাবে নিৰুদ্দেশ মহিলা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 6, 2020 1:25 pm
a woman

জাগীৰোডৰ তিখাবৰীত মহিলা নিৰুদ্দেশ ।অঞ্চলটোৰ বাসিন্দা দুলাল ডেকাৰ পত্মী ৰিজুমণি আমচি(২৫)যোৱা ২৭ অক্টোবৰৰ পৰা নিখোজ হৈ থকা ঘটনাই সামগ্ৰিকভাৱে আঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

এগৰাকী চাৰিবছৰীয়া কন্যা সন্তানৰ মাতৃ গৰাকী এনেদৰে নিৰুদ্দেশ হোৱাৰ ঘটনাক সহজভাৱে গ্ৰহণ কৰিব পৰা নাই পৰিয়াল তথা গাঁওবাসীয়ে ।

সাম্প্ৰতিক পৰিস্থিতিৰ বাবে সেয়া লাভ জেহাদ নে কোনো নাৰী সৰবৰাহকাৰীৰ গোপন ষড়যন্ত্ৰৰ ঘটনা তাক লৈয়ো স্থানীয় বাসিন্দাসকলে সন্দেহ ব্যক্ত কৰিছে ।

জানিব পৰা মতে নিৰুদিষ্ট মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে কেৰেলাৰ এটি ব্যক্তিগত খণ্ডৰ কোম্পানীত নিয়োজিত হৈ আছে।

স্বামী আৰু চাৰিবছৰীয়া কন্যাক এৰি মহিলাগৰাকী এনেদৰে নিখোজ হোৱাৰ পিছতে পৰিয়ালৰ লোকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ  সৃষ্টি হয় ।

লগে লগে পৰিয়ালৰ।লোকসকলে মৰিগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ।

মহিলাগৰাকীৰ সন্ধান যদি কোনো সদাশয় ব্যক্তিয়ে লাভ কৰে তেতিয়াহলে ৯১৭৩০৬৩৪৯৮৮২ নম্ভৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ।