NORTHEAST NOW (Assamese)
অসম

ফুচকাত মিহলালে টয়লেটৰ পানী; উত্তেজিত গ্ৰাহকে লণ্ডভণ্ড কৰিলে দোকান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 8, 2020 9:07 am
maxresdefault

বেছিভাগ লোকৰে আকৰ্ষণ তথা পছন্দৰ বস্তু এই ফুচকা বা পানীপুৰি। কৰ’না লকডাউনৰ পাছত এতিয়া বহুতেই কৰ’না বিধি মানিও ৰাস্তাৰ কাষত ঠেলাত বিক্ৰী কৰা এই ফুচকাৰ সোৱাদ ল’বলৈ তৎপৰ হৈ পৰিছে।

ইয়াৰ মাজতে বিশেষ ফুচকা বা মুম্বাইৰ পানীপুৰিত মিহলোৱা হৈছে টয়লেটৰ পানী! এয়া মুম্বাইৰ কোহলাপুৰৰ ঘটনা।

ইপিনে, এই ঘটনা পোহৰলৈ অহাৰ পাছতে উত্তেজিত গ্ৰাহকে দোকানখন ভাঙি লণ্ডভণ্ড কৰে।

পথৰ দাঁতিত মু্বাইৰ বিশেষ পানীপুৰি লিখা থকা দোকানত বিক্ৰী কৰা ফুচকাত টয়লেটৰ পৰা ভৰাই লৈ অহা পানী মিহলোৱা হৈছে। এই দৃশ্য কেমেৰাত ধৰা পৰাৰ পাছতেই উত্তেজিত ৰাইজে দোকানখন ভাঙি পেলায়।

কোহলাপুৰৰ ৰংকলা লেকৰ ওচৰত এই ব্যস্ত অঞ্চলত বহু লোকেই ৰাস্তাৰ কাষৰ খাদ্য গ্ৰহণ কৰে।

ভিডিঅ’ত দেখা যায় যে স্পেছিয়েল ফুচকা লিখা থকা দোকানখনৰ মালিকে ওচৰতে থকা এটা ৰাজহুৱা শৌচাগাৰৰ পৰা পানী ভৰাই আনি ফুচকাত মিহলাইছে।

ইয়াৰ পাছতে ক্ষুব্ধ গ্ৰাহক তথা জনতাই দোকানখন ভাঙি গোটেই ফুচকা পেলাই দিয়ে।

এই ঘটনাৰ পাছতে অঞ্চলটোত ফুচকা বেপাৰীসকলক আৰু দেখা যোৱা নাই।