NORTHEAST NOW (Assamese)
অসম

আতচবাজী অবিহনে দীপাৱলী উদযাপনৰ আহ্বান আম আদমি পাৰ্টীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 8, 2020 12:51 pm
IMG20181106153447-750x375

আম আদমি পাৰ্টী (আপ), অসমে দীপাৱলীৰ বাবে সমূহ অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি আম আদমি পাৰ্টীয়ে পোহৰৰ উৎসৱত আতচবাজী ব্যৱহাৰ নকলিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, বায়ু প্ৰদূষণ আৰু কৰ’না ৰোগৰ প্ৰাদুৰ্ভাৱৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে আগন্তুক দীপাৱলীত আতচবাজী ব্যৱহাৰ নকৰিবলৈ বায়ু প্ৰদূষিত ৰাজ্যসমূহক আহ্বান জনাই মুখ্যসচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে।

উক্ত ৰাজ্যসমূহৰ মাজত অসমো আছে। ন্যায়াধীকৰণৰ প্ৰতি সঁহাৰি জনাই ৰাজস্থান, দিল্লী, কৰ্ণাটক, চিক্কিম, হাৰিয়ানাকে ধৰি কেবাখনো ৰাজ্যই দীপাৱলীত আতচবাজীৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে।

আম আদমি পাৰ্টীয়ে অসমতো আতচবাজীৰ ব্যৱহাৰ নিষিদ্ধ কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে সমূহ জনসাধাৰণক বায়ু প্ৰদূষণ কৰা আতচবাজী ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায়।

ইয়াৰ লগতে স্থানীয় কুমাৰ শিল্পীসকলে তৈয়াৰ কৰা মাটিৰ চাকি পৰাপক্ষত ব্যৱহাৰ কৰিবলৈও দলটোৱে সকলোকে আহ্বান জনায়।

সময়ৰ পৰিৱৰ্তনৰ লগে লগে পোহৰৰ উৎসৱ উদযাপনৰ পদ্ধতিও সলনি কৰিব লাগিব বুলি বিশ্বাস কৰা আপে এই ছেগতে সমূহ অসমবাসীক পুনৰ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে।