NORTHEAST NOW (Assamese)
অসম

টীয়কত চাৰিলাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত উত্তপ্ত পৰিস্থিতি, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক November 9, 2020 6:58 pm

টীয়কত চাৰিলাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণক লৈ আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

পথ নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ উচিত মূল্য নোপোৱাৰ ক্ষোভত টীয়কৰ বলমা তিনিআলি সমীপৰ একাংশ ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।

ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত চৰকাৰে জনতাক চৰম প্ৰতাৰণা কৰাৰ অভিযোগ তুলি আজি টীয়কৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত উত্তপ্ত পৰিস্থিতি উদ্ভৱ হয়।

উল্লেখযোগ্য যে টীয়কৰ তেলীয়া গাঁও অঞ্চলৰ বহুসংখ্যক ৰাইজ পথলৈ ওলাই আহি পথ সম্প্ৰসাৰণৰ নামত যি ভূমি অধিগ্ৰহণ কৰিছিল তাৰ উচিত মূল্য নিদিয়াৰ অভিযোগ তুলি পথৰ ওপৰত অৱস্থান কৰাৰ ফলত প্ৰায় আধা ঘন্টা সময় ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ থাকে।

অৱশ্যে পৰৱৰ্তী সময়ত টীয়ক আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত উত্তপ্ত পৰিবেশ শান্ত হয় যদিও উক্ত ঘটনাৰ উচিত তদন্ত নকৰিলে পুনৰ সকলো ৰাইজ একগোট হৈ ইয়াতকৈও অধিক জংগী প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও হুংকাৰ প্ৰদান কৰে।