NORTHEAST NOW (Assamese)
অসম

অসম-বাংলাদেশ সীমান্তত বৃদ্ধি চোৰাং সৰবৰাহ : আইন-শৃংখলা পৰিস্থিতি উন্নত হোৱা বুলি কৰা কেন্দ্ৰৰ দাবী অসাৰ প্ৰতিপন্ন

Posted by: ৰাজীব ৰয় March 11, 2018 10:30 pm
Indo-Bangla Border

কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বিশেষকৈ অসমৰ আইন-শৃংখলা পৰিস্থিতি উন্নত হোৱা বুলি দাবী কৰি অহাৰ পৰতে চৰকাৰী পৰিসংখ্যাই দেখুৱাইছে যে ভাৰত-বাংলা সীমান্তৰে নিচাযুক্ত সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ আৰু গৰুৰ সৰবৰাহ ব্যাপক বৃদ্ধি পাইছে।

আমাৰ হাতত থকা তথ্য অনুসৰি ভাৰত-বাংলাদেশ সীমান্তত যোৱা বছৰত ২৯৬৯৩ টা নিচাযুক্ত সামগ্ৰী, অস্ত্ৰ আৰু গৰুৰ চোৰাং সৰবৰাহৰ ঘটনা সংঘটিত হৈছে। ২০১৫ আৰু ২০১৬ চনত এই সংখ্যা আছিল ক্ৰমে ১৮১৩২ আৰু ২১৭৭১ টা।

নিৰাপত্তা বাহিনীয়ে ২০১৭ চনত ৬৩৩ গৰাকী চোৰাং সৰবৰাহকাৰীক আটক কৰাৰ বিপৰীতে ২০১৫ আৰু ২০১৬ চনত এই সংখ্যা আছিল ক্ৰমে ৬৫৬ আৰু ৭৫১ গৰাকী।

কেন্দ্ৰীয় চৰকাৰে এই চোৰাং সৰবৰাহ বন্ধ কৰিবৰ বাবে বহুদিশীয়া পদ্ধতি লোৱা বুলি কৈ আহিছে।

গৃহ মন্ত্ৰ্যালয়ৰ এগৰাকী শীৰ্ষ বিষয়াই জনায়, ‘এই ব্যৱস্থাসমূহৰ ভিতৰত আছে সীমান্ত পহৰা বাহিনী নিয়োগ, সীমান্তৰ বেৰা নিৰ্মাণ, সীমান্তৰ ৰাস্তা নিৰ্মাণ, ফ্লাডলাইটৰ ব্যৱস্থা, সীমান্ত চকী নিৰ্মাণ, উচ্চ প্ৰযুক্তিৰ নিৰীক্ষণকাৰী সঁজুলি, উন্নত অস্ত্ৰ যোগান, বিশেষ গাড়ী, চোৰাংচোৱাৰ তথ্য আধাৰিত অভিযান আদি।’

আনহাতে অসমত উগ্ৰপন্থীবিৰোধী অভিযান চলাই থকা নিৰাপত্তা বাহিনীসমূহে জব্দ কৰা ভাৰতীয় টকাৰ পৰিমাণো বৃ্হৎ।

পৰিসংখ্যা অনুসৰি তিনি বিদ্ৰোহী সংগঠন কে পি এল টি, আলফা আৰু এন ডি এফ বি (এচ)ৰ সদস্যৰ পৰা নিৰাপত্তা বাহিনীয়ে যোৱা পাঁচ বছৰত ৩০৩৬৯৭১ টকা জব্দ কৰে।

নিষিদ্ধ সংগঠনসমূহৰ পৰা ৫০০০ টকাৰ জালি মুদ্ৰাও জব্দ কৰা হয়।

তথ্য অনুসৰি জব্দ হোৱা টকাৰ ৪১৫৪৯১ টকা চৰকাৰী কোষাগাৰত জমা দিয়া হৈছে। বাকী ৩৫০০০ টকা ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বিভিন্ন ব্যক্তি আৰু কৰ্তৃপক্ষক দিয়া হৈছে। বাকী থকা টকাখিনি আদালত বা আৰক্ষীৰ থানাৰ মালখানাত আদালতৰ ৰায়ৰ অপেক্ষাত পৰি ৰৈছে।