NORTHEAST NOW (Assamese)
Popular Stories

বিজেপি-সংঘৰ সংগ ত্যাগ কৰি তেজস্বীক আশীৰ্বাদ দিবলৈ নীতিশক আহ্বান এগৰাকী জ্যেষ্ঠ কংগ্ৰেছীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 11, 2020 10:26 am
16-Nitish-Kumar_571_855

বিহাৰৰ নিৰ্বাচনৰ ফলাফল স্পষ্ট হৈ পৰিছে। নীতিশ কুমাৰ নেতৃাধীন এন ডি এক জনসাধাৰণে পুনৰ এবাৰ শাসনৰ দায়িত্ব প্ৰদান কৰিলে।

এগজিট প’লত উজলি থকা মহাজোঁট বন্ধনে মাত্ৰ ১১০ খন আসনতে সীমাবদ্ধ থাকিল।

দেশবাসীৰ দৃষ্টি নিৱদ্ধ থকা বিহাৰ নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছতে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সাংসদ দিগ্বিজয় সিঙে নীতিশ কুমাৰক সংঘ আৰু বিজেপিৰ সংগ ত্যাগ কৰিবলৈ পৰামৰ্শ প্রদান কৰিছে।

দেশখন ধ্বংসৰ পৰা ৰক্ষা কৰিবলৈ বিজেপি আৰু সংঘৰ সংগ ত্যাগ কৰিবলৈ নীতিশক আহ্বান জনায় সিঙে।

সিঙে কয়, ‘বিজেপি/সংঘ পৰজীৱি লতাৰ দৰে, যি গছত মেৰি ধৰে সেই গছডাল লেলেৰি শুকাই যায়। নীতিশ ডাঙৰীয়া, লালুৱে আপোনাৰ সৈতে যুঁজ দিছিল আৰু আন্দোলনত জেইললৈ গৈছে। বিজেপি/সংঘৰ বিচাৰধাৰা ত্যাগ কৰি তেজস্বীক আশীৰ্বাদ দিয়ক। এই পৰজীৱিৰূপী বিজেপি/সংঘক বিহাৰত স্থিতাপি ল’ব নিদিব’।

ইয়াৰ উপৰি জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে নীতিশ কুমাৰক বিহাৰ ত্যাগ কৰি ভাৰতীয় ৰাজনীতিলৈ আহিবলৈ পৰামৰ্শ প্ৰদান কৰিছে।

তেওঁ কয়, ‘নীতিশ ডাঙৰীয়া বিহাৰ আপোনাৰ বাবে সৰু হৈ গৈছে, আপুনি ভাৰতৰ ৰাজনীতিলৈ আহক। সকলো ধৰ্মনিৰপেক্ষ মতবাদত বিশ্বাস কৰা লোকসকলক একত্ৰিত কৰাত সহায় কৰি বিজেপি ৰোধত সহায় কৰক। বিবেচনা কৰিব’।

ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে বিহাৰৰ মুখ্য মন্ত্ৰীক দেশখন ধ্বংসৰ পৰা ৰক্ষা কৰিবলৈ অনুৰোধ কৰি কয়, ‘এয়া মহাত্মা গান্ধী আৰু জয় প্ৰকাশ নাৰায়ণৰ প্ৰতি সঠিক শ্ৰদ্ধাঞ্জলি হ’ব। আপুনি সেই চিন্তাধাৰাৰ এজন ৰাজনীতিবিদ আৰু পুনৰ আহি যাওক। বিজেপি/সংঘ ত্যাগ কৰক। দেশখন ধ্বংসৰ পৰা ৰক্ষা কৰক’।

উল্লেখ্য যে বিজেপিয়ে ৰামবিলাস পাছোৱানৰ দলটোক নি:শেষ কৰা বুলি অভিযোগ কৰি সিঙে কয় যে বিজেপিয়ে অতি কৌশলগত পদ্ধতি আৰু চতুৰতাৰে নীতিশ কুমাৰৰ প্ৰভুত্বত আঘাত হানিছে।