NORTHEAST NOW (Assamese)
অসম

কিলিং নৈত অবৈধ বালি খনন ,নীৰৱ বন বিভাগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 11, 2020 11:46 am
a pp

দেশৰ উচ্চতম ন্যায়ালয়ৰ নিষেধ্যাজ্ঞা স্বত্বেও মৰিগাঁও জিলাৰ ধৰমতুল বন বিষয়া কাৰ্যালয়ৰ অধীনৰ তথা জাগীৰোড বিট অফিচৰ গাতে লাগি থকা আমলিঘাটৰ ঐতিহ্যমণ্ডিত সীতা জখলা অঞ্চলৰ কিলিং নৈত অদ্যপি অব্যাহত আছে অবৈধ বালি খনন।

এই ক্ষেত্ৰত স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি এচাম অসাধু বালি মাফিয়াই অহৰ্নিশে কিলিং নৈত চলাই আহিছে অবৈধ বালি খনন পৰ্ব।

সংশ্লিষ্ট বিভাগৰ অনুমতিহীনভাৱে কেৱল ধন বল আৰু বাহু বল প্ৰয়োগ কৰি এটা দুষ্ট চক্ৰই ধাৰাবাহিকভাৱে চলাই আহিছে এনে লুণ্ঠন কাৰ্য।

সীতা জখলা অঞ্চলৰ কিলিং নৈৰ বুকুৰ পৰা মেচিনেৰে এনেদৰে বালি উঠোৱাৰ ফলত সম্প্ৰতি নৈ খন প্ৰৱল গড়াখহনীয়াৰ কৱলত পৰাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে ।

স্মতৰ্ব্য যে বহু দিন ধৰি সীতা জখলা,গোভা আদি অঞ্চলত কিলিং নৈৰ বুকুৰ পৰা মেচিনেৰে বালি উঠোৱা কাৰ্যত সাৰ-পানী যোগাই আহিছে বন বিভাগৰে এছাম ঘোচখোৰ বিষয়া কৰ্মচাৰীয়ে ।

যাৰ পৰিপ্ৰেক্ষিতত একাংশ অনুমতি প্ৰাপ্ত লোক ভীষণ সমস্যাত পৰিছে ।তাৎপৰ্যপূৰ্ণ বিষয় এয়ে যে মন্ত্ৰীৰ ঘনিষ্ঠ লোক কেইজনমানে নিজৰ ৰাজনৈতিক প্ৰভাৱ দেখুওৱাই সমগ্ৰ অঞ্চলটোত চলাই আহিছে বালি খননৰ মাফিয়াৰাজ ।

বিভাগীয় বিষয়া,কৰ্মচাৰীক লাখ-লাখ টকা উৎকোচ দি পকেটস্থ কৰা বুলিও উঠিছে আন এক অভিযোগ ।সেয়ে অঞ্চলটোৰ ৰাইজৰ স্বাৰ্থৰ খাতিৰত অতি শীঘ্ৰে বালি মহলৰ এনে চক্ৰক উৎখাত কৰা লগতে জনবিৰোধী এনে কাৰ্যৰ বাবে শাস্তিৰ প্ৰদান কৰিবলৈ সংশ্লিষ্ট বিভাগ তথা চৰকাৰলৈ দাবী জনাইছে ভূক্তভোগী ৰাইজে ।