NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ ভেকচিন ‘স্পুটনিক-ভি’ ৯২ শতাংশ কাৰ্য্যকাৰী; ৰাছিয়াৰ দাবী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 11, 2020 5:17 pm

ৰাছিয়াই তেওঁলোকৰ ক’ৰ’না ভাইৰাছৰ ভেকচিন ‘স্পুটনিক-ভি’ ৯২ শতাংশ কাৰ্য্যকৰী বুলি দাবী কৰিছে।

মানৱ দেহত পৰীক্ষণৰ পাছত অহা ফলাফলৰ ওপৰত ভিত্তি কৰিয়ে স্পুটনিক-ভিৰ ৯২ শতাংশ কাৰ্য্যকাৰীতা দাবী কৰিছে।

পিফিজাৰ আৰু বিঅ’নটেকে তেওঁলোকৰ ক’ৰ’না ভাইৰাছৰ ভেকচিন ৯০ শতাংশ শুদ্ধ বুলি দাবী কৰাৰ পাছতে ৰাছিয়াই তেওঁলোকৰ ভেকচিনৰ কাৰ্য্যকাৰীতা ৯২ শতাংশতকৈয়ো অধিক বুলি দাবী কৰে।

ভাৰতত ৰাছিয়াৰ ক’ৰ’নাৰ ভেকচিন স্পুটনিকৰ অন্তিম স্তৰৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে ড০ ৰেড্ডীৰ পৰীক্ষাগাৰে অনুমতি লাভ কৰিছে।

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বৰ ভিতৰত ৰাছিয়াই সৰ্বপ্ৰথমে ক’ৰ’নাৰ ভেকচিন প্ৰস্তুত কৰি উলিয়াইছিল।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে তেওঁৰ জীয়ৰীয়েও এই ভেকচিন গ্ৰহণ কৰা বুলি জানিবলৈ দিছিল।

ৰাছিয়াই ক’ৰ’না ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰি উলিয়ালেও অৱশ্যে বহুকেইখন দেশে ৰাছিয়াৰ ভেকচিনৰ নিৰ্ভৰশীলতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল।