NORTHEAST NOW (Assamese)
Popular Stories

নতুন ৰূপত ভাৰতীয় ক্ৰিকেট দল; ৭০ দশকৰ অনুপ্ৰেৰণাৰে নতুন জাৰ্চিৰে ফিল্ডত নামিব বিৰাট বাহিনীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 12, 2020 11:02 am
Capture

ক’ৰ’না ভাইৰাছৰ সময়ত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় শৃংখলাত অংশ ল’বলৈ ভাৰতৰ ক্ৰিকেট দলটো বৃহস্পতিবাৰে নিশা অষ্ট্ৰেলিয়ালৈ ৰাওনা হৈছে।

বি চি চি আইয়ে ভাৰতীয় দলটোৰ এখন ছবি টুইট কৰিছে য’ত খেলুৱৈসকলক পিপিই কিট পৰিধান কৰি থকা পৰিলক্ষিত হৈছে।

বি চি চি আইয়ে নিজৰ টুইটাৰ হেণ্ডেলত লিখিছে, ‘ভাৰতীয় দলৰ প্ৰত্যাৱৰ্তন। বলক নতুন পদ্ধতি গ্ৰহণ কৰো’।

দুমহীয়া দীঘলীয়া ভ্ৰমণত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চাৰিখন টেষ্ট, তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচত অংশগ্ৰহণ কৰিব।

আকৰ্ষণীয় কথা যে, এদিনীয়া আৰু টি-২০ত ভাৰতীয় দলে পৰিধান কৰিব নতুন জাৰ্চি। আৰু সেইটো হ’ব ৭০ দশকৰ জাৰ্চি।

ডাঠ নীলা ৰঙৰ জাৰ্চিৰ সৈতে ফিল্ডত নামিব ভাৰত

উল্লেখ্য যে অষ্ট্ৰেলিয়াত উপস্থিত হোৱাৰ পিছত ভাৰতীয় দলটোৱে ১৪ দিনৰ বাবে কোৱাৰেণ্টাইন হৈ থাকিব লাগিব।

২৭ নৱেম্বৰত দলটোৱে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচেৰে তেওঁলোকৰ অভিযান আৰম্ভ কৰিব।

এই শৃংখলাত ভাৰতীয় দলে পুৰণি (ৰেট্ৰ)’ জাৰ্চিৰে ক্ৰিকেট ফিল্ডত নামিব।

আউটলুকত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি, ৭০ দশকৰ অনুপ্ৰেৰণাৰে ভাৰতীয় দলে অষ্ট্ৰলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

নতুন জাৰ্চিৰ ৰং বৰ্তমানৰ আকাশী ৰঙৰ সলনি ডাঠ নীলা হ’ব। ইয়াত বি চি চি আইৰ নতুন কিট স্পনছৰ এম পি এল স্পোৰ্টছৰ নামেৰেও নামাকৰণ কৰা হ’ব।

এয়া হৈছে ভাৰতীয় দলৰ ১৯৯২ চনৰ জাৰ্চি। নতুন জাৰ্চিটোৰো ৰং এইটোৰ দৰে হ’ব বুলি ধাৰণা কৰা হৈছে।

ভাৰতীয় দলৰ লগতে অষ্ট্ৰেলিয়াইও নতুন জাৰ্চিৰ সৈতে শৃংখলাটোত অৱতীৰ্ণ হ’ব।

এই নতুন ডিজাইনটো স্থানীয় মূলৰ প্ৰাক্তন, বৰ্তমান আৰু ভৱিষ্যতৰ খেলুৱৈসকলৰ বাবে উৎসৰ্গিত।

অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দলেও এই বছৰৰ আৰম্ভণিত ইংলেণ্ডৰ বিৰুদ্ধে হোৱা এখন খেলত এনে জাৰ্চি পৰিধান কৰিছিল।