NORTHEAST NOW (Assamese)
Popular Stories

নৰ বলিৰ চেষ্টা! : গুপ্তধনৰ লোভত নিজ পুত্ৰসহ পাঁচ শিশুক বলি দিয়াৰ চেষ্টা কৰি আটক দুই ভাতৃ!

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ November 15, 2020 2:23 pm
IMG-20201115-WA0014

এইখন অসমতে গাৰ নোম শিয়ৰি উঠা নৰ বলিৰ দৰে এক ঘটনা সংঘটিত হোৱাৰ পৰা কথপমি ৰক্ষা পৰাৰ কথা পোহৰলৈ আহিছে।

কালি পূজাৰ নিশা নিজ সন্তানসহ পাঁচটি শিশুক নৰ বলিৰ বাবে সাজু কৰিছিল দুই ভাতৃয়ে!

অন্ধ বিশ্বাসৰ বলি হৈ দুই ভাতৃয়ে নিজৰ সন্তানৰ লগতে আন চাৰিটা শিশুক নৰ বলি দিয়াৰ বাবে প্ৰস্তুতি চলাইছিল বুলি অভিযোগ উত্থাপন হৈছে শিৱসাগৰ জিলাৰ ডিমৌমুখত।

ঘটনাৰ বিৱৰণীৰ মতে শিৱসাগৰ জিলাৰ ডিমৌমুখ অঞ্চলত ঘৰৰ বাৰীৰ এজোপা আম গছৰ তলত থকা গুপ্তধনৰ লোভত মৰাণৰ এজন বেজৰ পৰামৰ্শ মতে নিজ সন্তানক বলি দিবলৈ সাজু কৰিছিল জমিৰুল হুছেইন আৰু ছৰিফুল হুছেইন নামৰ দুই ভাতৃয়ে।

তেওঁলোকক এই কাৰ্যত জ্যেষ্ঠ ভগ্নী আইচা বেগমে সহায় কৰিছিল বুলিও অভিযোগ উঠিছে।

ইফালে গাঁৱৰ ৰাইজৰ আগত এই দুই ভাতৃয়ে আন এক শিহৰণকাৰী ভাষ্য প্ৰদান কৰা বুলি জানিব পৰা গৈছে।

ভাতৃদ্বয়ে নিজ পুত্ৰ সন্তানৰ লগতে গাঁৱৰ আৰু চাৰিগৰাকী শিশুক নৰ বলিৰ বাবে প্ৰস্তুতি চলোৱা বুলি গাঁৱৰ ৰাইজৰ আগত স্বীকাৰ কৰিছে। যাৰ বাবে শংকিত হৈ পৰে গাঁওবাসী।

শনিবাৰে দিনৰ ভাগত ঘটনাৰ বিষয়ে গাঁৱৰ ৰাইজ অৱগত হোৱাত সন্ধিয়া দুয়ো ভাতৃক গাঁৱৰ ৰাইজে সোধা পোচা কৰে আৰু তেওঁলোকে সমস্ত ঘটনা সঁচা বুলি নিজ মুখে স্বীকাৰ কৰে বুলি গাঁৱৰ ৰাইজে প্ৰকাশ কৰিছে।

পিছত দুয়োগৰাকী অভিযুক্তক স্থানীয় ৰাইজে শিৱসাগৰ আৰক্ষীক চমজাই দিয়ে।

অৱশ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত পৃথক মত প্ৰকাশ কৰি কৈছে যে আটকাধীন দুই ভাতৃয়ে এতিয়াও আৰক্ষীৰ আগত নিজ পুত্ৰসহ পাঁচ শিশুক বলি দিয়াৰ বাবে প্ৰস্তুতি চলোৱাৰ কথা স্বীকাৰ কৰা নাই।

অভিযুক্ত দুই ভাতৃয়ে তেওঁলোকৰ পুত্ৰৰ শাৰীৰিক অসুস্থতাৰ বাবে মৰাণৰ বেজৰ ওচৰলৈ যোৱা বুলি আৰক্ষী আগত প্ৰকাশ কৰিছে।

এতিয়াও ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো এজাহাৰ লাভ কৰা নাই আৰু দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাই বুলি প্ৰকাশ কৰিছে।

অৱশ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাটো তদন্ত অব্যাহত ৰাখিছে আৰু আৰক্ষীৰ তদন্তত হে প্ৰকৃত ঘটনা পোহৰলৈ আহিব আশা কৰা হৈছে।

আৰক্ষীয়ে অভিযুক্ত দুই ভাতৃৰ জীৱনৰ নিৰাপত্তাৰ স্বাৰ্থত দুয়োকে থানাত আটক কৰি ৰখা বুলি প্ৰকাশ কৰিছে।