NORTHEAST NOW (Assamese)
Popular Stories

গুৱাহাটীত পালেহি বীৰ ছহিদ হাবিলদাৰ হৰধন চন্দ্ৰ ৰায়ৰ মৃতদেহ : মুখ্যমন্ত্ৰীয়ে জনালে শেষ শ্ৰদ্ধা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 15, 2020 9:23 pm
Em4CCicVQAIW9kn

আজি গুৱাহাটীত পালেহি বীৰ ছহিদ হাবিলদাৰ হৰধন চন্দ্ৰ ৰায়ৰ মৃতদেহ।

ছহিদ গৰাকীৰ মৃতদেহটো আজি সন্ধিয়া ৫.৩০ বজাত গুৱাহাটী বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত পোৱাহি কথা আছিল যদিও ৰাতিহে পায়হি।

বিমান যোগে গুৱাহাটীত পোৱাৰ পিছতে বীৰ ছহিদ গৰাকীৰ মৃতদেহটো বিমান বন্দৰৰ পৰা বশিষ্ঠস্থিত ১৫১ সেনা বাহিনীৰ বেছ হাস্পতাললৈ নিয়া হয় আৰু তাতেই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বীৰ ছহিদ গৰাকীৰ নশ্বৰ দেহত মাল্যপৰ্ণ কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰী সোণোৱালে বীৰ ছহিদ হাবিহলাদ হৰধন চন্দ্ৰ ৰায়ে দেশ মাতৃৰ বাবে যি আত্ম বলিদান দিলে সেয়া অথলে নাযায় বুলি মত প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

ইফালে অহা সোমবাৰে ধুবুৰী জিলাৰ নিজ গাঁৱত বীৰ ছহিদ গৰাকীৰ শেষ কৃত্য সম্পন্ন কৰা হ’ব।

ধুবুৰী জিলাৰ চপটাগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত ফুটুকীবাৰী-মেধীপাৰাৰ হৰধন চন্দ্ৰ ৰায়ৰ যোৱা শুকুৰবাৰে জন্মু আৰু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী সৈন্যৰ গুলী বৰ্ষণত মৃত্যু ঘটিছিল।

উল্লেখ্যে যে, উক্ত সংঘৰ্ষত পাকিস্তানী সেনাৰ বিশেষ সেৱা গোটৰ ২ জন সদস্যৰসহ মুঠ ৭ জন পাকিস্তানী সেনাৰ মৃত্যু হোৱা বুলি সূত্ৰটোৱে দাবী কৰিছে।

আনহাতে ১০ৰপৰা ১২ গৰাকী পাকিস্তানী সেনা আহত হোৱা বুলিও দাবী কৰিছে সুত্ৰটোৱে।

ইফালে ভাৰতৰ স্থলসেনা প্ৰধান এম এম নাৰাভনে ভাৰতৰ বীৰ ছহিদসকলৰ সৰ্বোচ্চ ত্যাগক সন্মান প্ৰদৰ্শন কৰি ছহিদসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।