NORTHEAST NOW (Assamese)
অসম

জাগীৰোডত দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

Posted by: চানু গগৈ Updated by: চানু গগৈ November 16, 2020 4:27 pm
a National-Press-Day

জাগীৰোড নগৰৰ পৰা অসমীয়া সংবাদ জগতত আত্ম প্ৰকাশ হোৱা অসমীয়া নতুন সংবাদ কাকত গোষ্ঠীৰ উদ্যোগত আজি জাগীৰোড মহাবিদ্যালয়ৰ সভাকক্ষত দিনযোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়।

পুৱা বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভবেন চন্দ্ৰ নেওগে।

অসমীয়া নতুন সংবাদ কাকতৰ মুখ্য সম্পাদক ডালিম ফুকনৰ সঞ্চালনাত সাম্প্ৰতিক সময়ৰ সংবাদ মাধ্যমৰ প্ৰত্যাহ্বান আৰু সাংবাদিকৰ কৰ্তব্য শীৰ্ষক এখন আলোচনা চক্ৰও অনুষ্ঠিত হয়।

উক্ত আলোচনা চক্ৰত জাগীৰোড শাখা সাহিত্য সভাৰ সভাপতি হৰমোহন কলিতা, শাখা সভাৰ সম্পাদক তথা অধ্যাপক ড০ দীপক জ্যোতি বৰুৱা আদিয়ে  সংবাদ মধ্যমৰ নীতিগত আদৰ্শ আৰু সমস্যাৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰে।

অনুষ্ঠানত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ ওপৰত মূল ভাষণ প্ৰদান কৰে ‘শব্দৰত্ন’ বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক তথা মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ড° নন্দ সিং বৰকলাই।

ভাষণ প্ৰসংগত বিষয়াগৰাকীয়ে সাংবাদিক সকলক উদ্দেশ্যি ৰাইজৰ পক্ষত থাকি সুস্থ সমাজ গঢ়িবলৈ আহ্বান জনায়।

কবি ৰাজীৱ চহৰীয়াই আঁত ধৰা অনুষ্ঠানত কেইবাজনো বিশিষ্ট সাংবাদিক, কৃতী শিক্ষক-শিক্ষয়িত্ৰী আৰু নতুন সংবাদ কাকতৰ ঘোষিকা সংগীতা বৰাক সম্বৰ্ধনা জনোৱা হয়।