NORTHEAST NOW (Assamese)
অসম

বহু কোটিটকীয়া প্ৰাক্-মেট্ৰিক বৃত্তি কেলেংকাৰিত জড়িত ২৬জনক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 17, 2020 9:55 am
CID-1140x570

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা(চি আই ডি)ই বহু কোটিটকীয়া প্ৰাক্-মেট্ৰিক বৃত্তি কেলেংকাৰিৰ সৈতে জড়িত থকা মুঠ ২৬জন লোকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে।

চিআইডিয়ে সোমবাৰে গোৱালপাৰা জিলাৰ পাৰা ৰবিউল ইছলাম গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে এগৰাকী শীৰ্ষ বিষয়াই।

ইছলাম এই পুঁজিৰ অপব্যৱহাৰৰ আঁৰত মূল ব্যক্তি বুলি ধাৰণা কৰা হৈছে। তেওঁ এক বৃহৎ সংখ্যক বিদ্যালয়ৰ সৈতে জড়িত হৈ বৃত্তিৰ বাবে ভুৱা আবেদন দাখিল কৰি বৃত্তিৰ ধন সৰকাইছিল।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ২৬জন ব্যক্তিৰ ভিতৰত চাৰিজন প্ৰধান শিক্ষক, এজন শিক্ষক, তিনিজন ৰাষ্ট্ৰীয়কৃত বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ (চি এছ পি) স্বত্ত্বাধিকাৰ, এজন বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, দুজন ইলেকট্ৰ’নিক ডাটা প্ৰচেছৰ আৰু ১০জন মধ্যভোগী আছে।

দৰিদ্ৰ সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বাবে থকা প্ৰাক্-মেট্ৰিক বৃত্তিৰ প্ৰায় ১০ কোটি টকাৰ পুঁজি হৰলুকি কৰাৰ অভিযোগত যোৱা এসপ্তাহত এই লোকসকলক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে চিআইডিয়ে বৃত্তিৰ পুঁজিৰ হৰলুকিত জড়িত বাকী অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিবলৈবিভিন্ন জিলাত তালাচী চলাইছে।

চিআইডিয়ে অভিযানত এতিয়ালৈকে তিনিটা লেপটপ, ২১৭জন শিক্ষাৰ্থীৰ ফটোগ্ৰাফ, ১০৪জন শিক্ষাৰ্থীৰ প্ৰমান পত্ৰ, ১৭৩খন প্ৰাক-মেট্ৰিক বৃত্তিৰ প্ৰ-পত্ৰ আৰু ১১টা বেংকৰ পাছবুক জব্দ কৰিছে।