নগাঁৱত দহটা তিৱা স্বায়ত্ব শাসিত পৰিষদীয় সমষ্টিত নিৰ্বাচনৰ অধিসূচনা জাৰি

অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি নগাঁও জিলাৰ ১০ টাকৈ তিৱা স্বায়ত্বশাসিত পৰিষদীয় সমষ্টিৰ নিৰ্বাচনৰ অধিসূচনা ইতিমধ্যে নগাঁও জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াই জাৰি কৰিছে।
এই অনুসৰি মনোনয়ন পত্ৰ জমা কৰাৰ শেষ তাৰিখ হ’ল ২৫/১১/২০২০ তাৰিখৰ আবেলি ৩ বজালৈ। অহা ২৬/১১/২০২০ তাৰিখে মনোনয়ন পত্ৰ সমূহ পৰীক্ষা কৰা হব আৰু সেই দিনাই বৈধ প্ৰাৰ্থী সকলৰ তালিকা প্ৰকাশ কৰা হব।
২৮/১১/২০২০ তাৰিখৰ বিয়লি ৩ বজাৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব আৰু সেই দিনাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা চুড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হব।
অহা ১৭/১২/২০২০ তাৰিখে পুৱা ৭-৩০ বজাৰ পৰা ৪-৩০ বজালৈ নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত কৰা হব।
প্ৰয়োজন সাপেক্ষে কোনো সমষ্টিত লাগিলে ১৮/১২/২০২০ তাৰিখে পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত কৰা হব।
নিৰ্বাচনৰ ভোট গণনা অহা ১৯/১২/২০২০ তাৰিখে পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হব।