NORTHEAST NOW (Assamese)
অসম

মৰিগাঁৱৰ ১৯টা সমষ্টিত তিৱা স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনৰ অধিসূচনা জাৰি

Posted by: চানু গগৈ Updated by: চানু গগৈ November 20, 2020 8:01 am

ৰাজ্যিক নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি মৰিগাঁও জিলাৰ ১৯টা সমষ্টিত হ’বলগীয়া তিৱা স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনৰ বাবে মৰিগাঁও জিলা উপায়ুক্ত তথা নিৰ্বাচনী বিষয়াই অধিসূচনা জাৰি কৰিছে।

উল্লেখ্য যে অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগা জিলাখনৰ ১৯ টা পৰিষদীয় সমষ্টিত মুঠ ১,৪১,৪২৮ গৰাকী ভোটাৰ আছে।

ইয়াৰে সমষ্টি কেইটাত মুঠ পুৰুষ ভোটাৰ ৭১,৬০০ গৰাকী আৰু মহিলা ভোটাৰ ৬৯,৮২৮ গৰাকী আছে।

জিলাখনৰ পৰিষদীয় সমষ্টি কেইটা হৈছে ১ নং জামাদাৰী, ২ নং বৰঙণী, ৩ নং ভূৰবন্ধা, ৪ নং কোঁৱৰ গাঁও, ৫ নং ঢেকীফলা, ৬ নং মাণিপুৰ, ৭ নং গড়মাৰী, ৮ নং ঘগুৱা, ৯ নং দমাল, ১০ নং তেতেলিয়া, ১১ নং জোনবিল, ১২ নং ন খোলা, ১৩ নং নেলী খোলা, ১৪ নং গোভা, ১৫ নং বিহুবড়ি, ১৬ নং শ’লমাৰী, ১৭ নং ভোমোৰাগুৰি, ১৮ নং চাৰিপুনীয়া চাবুকধৰা আৰু ১৯ নং বৰচিলা সমষ্টি।

নিৰ্বাচনী অধিসূচনা অনুসৰি ১৭ ডিচেম্বৰৰ পুৱা ৭.৩০ বজাৰৰ পৰা বিয়লি ৪.৩০ বজালৈ নিৰ্বাচনৰ ভোট গ্ৰহণ চলিব।

আনহাতে প্ৰাৰ্থী সকলৰ মনোনয়ন পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ ২৫ নৱেম্বৰৰ আবেলি ৩ বজালৈ নিৰ্ধাৰণ কৰা হৈছে।

২৬ নৱেম্বৰত মনোনয়ন পত্ৰ সমূহ পৰীক্ষা কৰা হ’ব আৰু সেই দিনাই বৈধ প্ৰাৰ্থী সকলৰ তালিকা প্ৰকাশ কৰা হ’ব।

২৮ নৱেম্বৰৰ বিয়লি ৩ বজাৰৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব আৰু সেই দিনাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা চূড়ান্ত প্ৰাৰ্থী সকলৰ তালিকা প্ৰকাশ কৰা হ’ব।

উল্লেখ্য যে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে এতিয়া জিলাখনৰ শাসক-বিৰোধী ৰাজনৈতিক দল সমূহৰ মাজত প্ৰাৰ্থিত্বৰ দাবীদাৰ সকলে নিজ নিজ দলত দলীয় টিকট বিচৰাৰ লগতে ব্যাপক তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে।