NORTHEAST NOW (Assamese)
অসম

পিতৃৰ দৰে নহয়, বিৰাট কোহলিৰ দৰে হ’ব খোজে ডেভিড ৱাৰ্ণাৰৰ চাৰি বছৰীয়া কন্যাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 20, 2020 8:18 am
WhatsApp Image 2020-11-19 at 8.19.51 PM

আন্তৰ্জাতিক ক্ৰিকেটৰ বিস্ফোৰক বেটছমেন অষ্ট্ৰেলিয়াৰ ডেভিড ৱাৰ্ণাৰৰ কন্যা ইণ্ডি ৰে’ বিৰাট কোহলিৰ অনুৰাগী। ৱাৰ্ণাৰৰ পত্নী কেণ্ডিছে জানিবলৈ দিয়ে এই কথা।

ৰেডিঅ’ টকশ্ব’ এটাত ৱাৰ্ণাৰৰ পত্নী কেণ্ডিছে জানিবলৈ দিয়ে যে তেওঁলোকৰ মাজু কন্যা ইণ্ডি ৰে’ৰ প্ৰিয় ক্ৰিকেটাৰ হৈছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি।

নিজৰ ভনীয়েকসকলৰ সৈতে ঘৰত ক্ৰিকেট খেলাৰ সময়ত ইণ্ডি ৰে’ সদায় বিৰাট কোহলিৰ দৰে হ’ব খোজে।

অৱশ্যে, ৱাৰ্ণাৰৰ আন দুগৰাকী কন্যা আইভি আৰু ইছলাই ডেভিড ৱাৰ্ণাৰ আৰু এৰন ফিঞ্চৰ মাজৰ কোনোবা এজনক অনুকৰণ কৰে।

কেণ্ডিছে কয়,’’আমি ঘৰৰ চোতালত কেতিয়াবা কেতিয়াবা ক্ৰিকেট খেলো। আমাৰ দুগৰাকী কন্যাই মাজে মাজে দেউতাকৰ দৰে হ’ব বিচাৰে আকৌ কেতিয়াবা ফিঞ্চৰ দৰে হ’ব খোজে। পিচে, আমাৰ মাজু কন্যাই সকলো সময়তে বিৰাট কোহলিৰ দৰে হ’ব খোজে। মই অলপো ৰগৰ কৰা নাই। তাইৰ প্ৰিয় ক্ৰিকেটাৰ হৈছে বিৰাট কোহলি।‘’

উল্লেখ্য যে যোৱা বছৰ ৱাৰ্ণাৰ আৰু কেণ্ডিছ দুয়োৱে ছচিয়েল মিডিয়াত তেওঁলোকৰ কন্যাৰ ক্ৰিকেট খেলাৰ ভিডিঅ’ প’ষ্ট কৰিছিল। তাতো আন দুজনী ভনীয়েকৰ মুকত দেউতাক তথা অষ্ট্ৰেলিয়াৰ কথা শুনা গৈছিল যদিও ইণ্ডিয়ে স্পষ্টকৈ কৈছিল ‘মই বিৰাট কোহলি’।

কেণ্ডিছে তেতিয়া ভিডিঅ’টোৰ কেপশ্যনত লিখিছিল,’’এই সৰু ছোৱালীজনীয়ে ভাৰতত অধিক সময় কটাইছে। সেয়েহে তাই বিৰাট কোহলিৰ দৰে হ’ব খোজে।‘’