NORTHEAST NOW (Assamese)
অসম

মেজৰ জিষ্ণু অসমক আলফা স্বাধীনৰ ৱেষ্টাৰ্ণ কামাণ্ডৰ ভাৰপ্ৰাপ্ত পৰিচালকৰ দায়িত্ব

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 20, 2020 12:35 pm
WhatsApp-Image-2020-11-13-at-1.46.15-PM-750x375

সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ ৱেষ্টাৰ্ণ কামাণ্ডৰ মেজৰ জিষ্ণু অসমক ৱেষ্টাৰ্ণ কামাণ্ডৰ ভাৰপ্ৰাপ্ত পৰিচালক দায়িত্ব অৰ্পণ কৰা হৈছে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ উপ সভাপতি আৰু সেনা প্ৰধান লে: জেনেৰেল পৰেশ অসমে এই কথা জানিবলৈ দিছে।

WhatsApp Image 2020-11-20 at 11.59.13 AM

বিবৃতিটোত কোৱা হৈছে যে ‘’সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন) সংগঠনৰ অন্তৰ্গত সংযুক্ত মুক্তি ফৌজ, অসম (স্বাধীন)’ সমূহ বিষয়া, সদস্য তথা স্বাধীনতাকামী অসমৰ থলগিৰি ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা হয় যে আজি ইংৰাজী ২০/১১/২০২০তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ৱেষ্টাৰ্ণ কামাণ্ডৰ মেজৰ জিষ্ণু অসম(আৰ্মী নং ১৬৪৭৯)ক ৱেষ্টাৰ্ণ কামাণ্ডৰ ভাৰপ্ৰাপ্ত পৰিচালকৰ দায়িত্ব অৰ্পণ কৰা হ’ল।‘’

 

উল্লেখ যে অলপতে সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)ৰ উপ সেনাধক্ষ্য দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণৰ পিছতে আলফা(স্বা)ৰ উপমুখ্য সেনাধক্ষ্য হিচাপে নিযুক্তি দিয়া হৈছিল আফলা(স্বা)ৰ নেতা মেজৰ জেনেৰেল মাইকেল অসম ওৰফে মাইকেল ডেকাফুকনক।