NORTHEAST NOW (Assamese)
অসম

অসমত কোভিড সংক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৭১ লৈ বৃদ্ধি; আজি পুনৰ দুগৰাকী লোকৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 20, 2020 9:31 pm
767 persons test Covid19 positive in Assam on Friday

বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত কোনো কোভিড আক্ৰান্তৰ মৃত্যু নোহোৱাৰ পাছত আজি পুনৰ অসমত দুগৰাকী কোভিড আক্ৰান্তই প্ৰাণ হেৰুৱাইছে।

ইয়াৰ ফলত ৰাজ্যত কোভিডৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৯৭১ গৰাকীলৈ বৃদ্ধি পায়।

আজি মৃত্যু হোৱা ব্যক্তি দুগৰাকী হৈছে ক্ৰমে নলবাৰীৰ ধৰণী বৰ্মন(৮০) আৰু মৰিগাঁৱৰ জামালুদ্দিন আহমেদ(৫৪)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াযোগে এই কথা প্ৰকাশ কৰে।

আনহাতে, অসমত আজি সম্পন্ন হোৱা ১৮২৭০ টা কোভিড পৰীক্ষাত ১৬৪ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৫৭ গৰাকী লোক কোভিড প’জিটিভ হয়।

অসমত এতিয়ালৈ মুঠ ২১১২০৪ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে ২০৭০২৬ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’নাৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠে।

বৰ্তমান ৰাজ্যত ৩২০৪ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।