NORTHEAST NOW (Assamese)
অসম

বৰ্তমানো জটিল অৱস্থাত তৰুণ গগৈৰ স্বাস্থ্য; ভেণ্টিলেটৰতে আছে প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 21, 2020 8:19 am
tarun-gogoi-1

অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য বৰ্তমানো জটিল অৱস্থাত আছে আৰু গগৈক ভেণ্টিলেটৰত ৰখা হৈছে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ অধীক্ষক অভিজিত শৰ্মাই গগৈৰ শৰীৰত অক্সিজেনৰ মাত্ৰা ৯৬-৯৭ শতাংশৰ ভিতৰত আছে বুলি জানিবলৈ দিয়ে।

‘‘বৃহস্পতিবাৰে তৰুণ গগৈৰ শৰীৰত অক্সিজেনৰ মাত্ৰা হ্ৰাস পাইছিল। বৰ্তমান তেওঁক এন আই ভিত ৰখা হৈছে। তেওঁৰ শৰীৰত অক্সিজেনৰ মাত্ৰা ৯৬-৯৭ শতাংশৰ ভিতৰত আছে। গগৈৰ প্ৰস্ৰাৱৰ মাত্ৰা হ্ৰাস পোৱাটো এটা চিন্তনীয় বিষয়,’’ অভিজিত শৰ্মাই লগতে কয়।

আনহাতে, স্বাস্থ্যৰ উন্নতি নঘটিলে গগৈক ডায়ালাইছিছো কৰাবলগীয়া হ’ব পাৰে বুলি অভিজিত শৰ্মাই লগতে কয়।

তৰুণ গগৈক চিকিৎসা প্ৰদান কৰি চিকিৎসকৰ দলটোৱে গগৈৰ স্বাস্থ্য সম্পৰ্কত দিল্লীৰ এইমছৰ চিকিৎসকৰ সৈতেও যোগাযোগ অব্যাহত ৰাখিছে।

বুধবাৰে ৮৫ বছৰীয়া তৰুণ গগৈয়ে কিছু শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভুগিছিল। নৱেম্বৰৰ ১ তাৰিখে তৰুণ গগৈক পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল।