NORTHEAST NOW (Assamese)
অসম

খাৰুপেটীয়াত জুই নুমুৱাবলৈ গৈ বেয়াকৈ অগ্নিদগ্ধ হ’ল অগ্নিনিৰ্বাপক বাহিনীৰ দুজন জোৱান  

Posted by: ময়ুখ গোস্বামী March 12, 2018 9:13 pm
Fire in Kharupetia residential colony

দৰং জিলাৰ খাৰুপেটীয়াত আজি জুই নুমুৱাবলৈ গৈ অগ্নিনিৰ্বাপক বাহিনীৰ দুজন জোৱান বেয়াকৈ অগ্নিদগ্ধ হয়। উল্লেখ্য যে খাৰুপেটীয়া হস্পিটেল ৰোডত অৱস্থিত খাৰুপেটীয়া প্রাথমিক স্বাস্থ্য কেন্দ্রৰ চিকিৎসক-নাৰ্চৰ চৰকাৰী আৱাসৰ কলনিত দুপৰীয়া প্ৰায় ১.৩০ মান বজাত সংঘটিত হোৱা ভয়ানক অগ্নিকাণ্ডৰ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, খাৰুপেটীয়া প্রাথমিক স্বাস্থ্য কেন্দ্রত কৰ্মৰত মিনাৰা বেগম নামৰ নাৰ্চ এগৰাকীৰ চৰকাৰী আৱাস গৃহৰ পৰা সুত্রপাত হোৱা জুইৰ লেলিহান শিখাই জাহানাৰা বেগম নামৰ আন এগৰাকী নাৰ্চৰ আৱাস গৃহলৈ বিয়পি পৰে। লগে লগে স্থানীয় ৰাইজে খাৰুপেটীয়া আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে।

অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰাৰ চেষ্টা চলায় থাকোতে আৱাস গৃহত থকা গেছ ছিলিণ্ডাৰ বিস্ফোৰণ হয়। আৰু এই বিস্ফোৰণৰ ফলতেই অগ্নিনিৰ্বাৰক বাহিনীৰ দুজন জোৱান বেয়াকৈ অগ্নিদগ্ধ হয়।

দুয়োজন জোৱানকে তৎকালীনভাবে খাৰুপেটীয়া প্রাথমিক স্বাস্থ্য কেন্দ্রত ভৰ্তি কৰা হয়। অগ্নিদগ্ধ জোৱান দুজনক প্ৰমোদ তালুকদাৰ আৰু ৰাজু বড়ো বুলি চিনাক্ত কৰা হৈছে।

আনহাতে প্ৰায় চাৰি ঘণ্টা দীঘলীয়া প্ৰচেষ্টাৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীৰ দলটোৱে এই জুই নুমুৱাবলৈ সক্ষম হয়।

ইফালে উক্ত অগ্নিকাণ্ডৰ ফলত এখন বাইক ,চাইকেলৰ লগতে প্রায় লক্ষাধিক টকাৰ সা-সামগ্রী বিনষ্ট হোৱা বুলি জানিব পৰা গৈছে।