NORTHEAST NOW (Assamese)
অসম

লক্ষ্য অমৰত্ব লাভ! দুই শিষ্যসহ চিপলৈ আত্মহত্যা কৰিলে ধৰ্মগুৰুৱে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 22, 2020 4:54 pm
a WhatsApp-Image-2020-06-22-at-10.00.33-AM

ঈশ্বৰৰ ঘৰলৈ সোঁশৰীৰে যাব নোৱাৰি। নিৰাকাৰ ৰূপতহে ঈশ্বৰৰ ঘৰত উপস্থিত হ’ব পাৰি। এনে ধাৰণাই মনত পোষণ কৰি আহিছিল মহাৰাষ্ট্ৰ থানে জিলাৰ সাহাপুৰ গাঁওৰ তান্ত্ৰিক এজনে।

ঈশ্বৰৰ ঘৰলৈ যোৱাৰ বাবে সেয়ে তেওঁ নিতৌ পৰিকল্পনা কৰিছিল।

তেওঁৰ কাষলৈ যিসকল শিষ্য আহিছিল তেওঁলোককো তান্ত্ৰিক জনে ঈশ্বৰৰ সাক্ষাৎ কিদৰে পাব পাৰি সেই বিষয়ে বুজাইছিল।

সাহাপুৰৰ ৩৫ বছৰীয়া বাসিন্দা নীতিন বেহেৰাই তান্ত্ৰিক হিচাবে অঞ্চলটোত সুনামো অৰ্জন কৰিছিল।

আজি পুৱা তান্ত্ৰিক বেহেৰা আৰু তেওঁৰ দুই শিষ্য ক্ৰমে নীতিন চান্দে আৰু মহেন্দ্ৰ ধুভালৰ মৃতদেহ গাওঁৰ কাষৰে হাবিৰ মাজত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়।

একেজোপা গছতে তিনিটাকৈ মৃতদেহ ওলমি থকাৰ দৃশ্য প্ৰত্যক্ষ কৰি গাওঁবাসী আতংকিত হৈ পৰে।

তান্ত্ৰিক বেহেৰাৰ লগতে আন দুজন লোকে কিয় আত্মহত্যা কৰিলে তাকেলৈ ৰহস্যৰ সৃষ্টি হৈ থকাৰ সময়তে ৰহস্য ভেদ কৰিলে গাওঁৰে এজন কিশোৰে।

কিশোৰজনে দিয়া ভাষ্য অনুসৰি ১৪ নৱেম্বৰৰ দিনাই তান্ত্ৰিক জনে কিশোৰ জনৰ লগতে আন দুজন শিষ্যকলৈ হাবি খনলৈ গৈছিল।

তান্ত্ৰিক বেহেৰাই লগত চাৰি খন শাড়ী লৈ গৈছিল। হাবিৰ ভিতৰত গছৰ তলত বহি কিশোৰ জনক বাদ দি বাকী তিনিজনে মদ্যপান কৰিছিল।

ইয়াৰ পিছতে তান্ত্ৰিক বেহেৰাই যদি ঈশ্বৰক চাব বিচাৰে আৰু অমৰত্ব লাভ কৰিব খোজে তেন্তে চিপলৈ আত্মহত্যা কৰিবলৈ কৈছিল।

তান্ত্ৰিকৰ কথা শুনি কিশোৰ জনে ভয় খাই সেই ঠাইৰ পৰা পলাই আহিছিল।কিশোৰ জন পলাই অহাৰ পিছত তেওঁলোক আৰু কিছুদিন হাবিৰ মাজতে আছিল আৰু অৱশেষত চিপলৈ আত্মহত্যা কৰিছিল।