NORTHEAST NOW (Assamese)
অসম

জি এম চি এইচত তৰুণ গগৈৰ স্বাস্থ্যৰ খবৰ লৈ কান্দি উঠিল বদৰুদ্দিন আজমল

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 23, 2020 5:34 pm

অতি সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন হৈ থকা অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ খবৰ লোৱাৰ উদ্দেশ্য আজি জি এম চি এইচত উপস্থিত হয় সাংসদ বদৰুদ্দিন আজমল।

জি এম চি এইচত তৰুণ গগৈৰ খবৰ লবলৈ আহি উচুপি উঠে এআইয়ুডিএফ প্ৰধান বদৰুদ্দিন আজমল।

গাড়ীৰ পৰা নামোতেই তেওঁক গগৈৰ সৈতে সম্পৰ্ক কেনে আছিল বুলি সাংবাদিকে সোধাত তেওঁ উচুপি উচুপি কয় “মই তেওঁক বহু কাষৰ পৰা বহুবাৰ পাইছিলো। তেওঁ আকৌ আৰোগ্য হৈ আমাৰ মাজলৈ উভতি আহিব। এই আশা লৈয়ে আমি কালিৰে পৰা সকলোতে দোৱা-প্ৰাৰ্থনা কৰি আছো।”

‘‘এমাহ পূৰ্বে তেওঁক লগ পাইছিলো…..খুব সুন্দৰকৈ কথা পাতিছিল……মোৰ ঘৰৰ খবৰ লৈছিল……ল’ৰা-ছোৱালীৰ খবৰ সুধিছে…..বেয়া লাগিছে তেওঁক এনেকৈ দেখি…..আমি এতিয়াও তেওঁ সুস্থ হৈ উঠিব বুলি আশাবাদী,’’ সাংবাদিকৰ আগত বদৰুদ্দিন আজমলে কয়।

আনহাতে, তৰুণ গগৈ সুস্থ হৈ উঠাৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰাৰ্থনা আৰু দোৱাৰো আয়োজন কৰা হৈছে।

বদৰুদ্দিন আজমলৰ পিতৃৰ সৈতেও তৰুণ গগৈৰ ঘনিষ্ঠ সম্পৰ্ক আছিল বুলি আজমলে উল্লেখ কৰি তেওঁৰ হোজাইৰ ঘৰলৈ গগৈয়ে দুবাৰ আৰু মুম্বাইৰ ঘৰলৈয়ো গৈছিল বুলি উল্লেখ কৰে।