NORTHEAST NOW (Assamese)
Popular Stories

তৰুণ গগৈৰ অধীনত কাম কৰিবলৈ পায় ভাগ্যবান : ড০ হিমন্ত বিশ্ব শৰ্মা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 23, 2020 8:36 pm

অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা কংগ্ৰেছৰ বৰ্ষীয়ান নেতা তৰুণ গগৈৰ মৃত্যু অসমৰ সমাজ তথা ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে বহৎ ক্ষতি বুলি অভিহিত কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে আজি বিয়লি ৫.৩৪ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

অভিজ্ঞ ৰাজনীতিবিদ গৰাকীৰ মৃত্যুৰ বাতৰি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াযোগে নিজৰ মনৰ ভাব ব্যক্ত কৰি কয়, ‘এগৰাকী অনন্য ভৱিষ্যদৰ্শী তথা প্ৰবল ইচ্ছাশক্তিৰ অধিকাৰী শ্ৰীযুত তৰুণ গগৈ স্বৰূপাৰ্থতেই আছিল জনতাৰ আপোন নেতা ৷ কৰ্মতেই অগ্ৰাধিকাৰ প্ৰদান কৰি দূৰন্ত গতিত আগুৱাই যোৱাত বিশ্বাসী গগৈ ডাঙৰীয়াই সকলো শ্ৰেণীৰ লোকৰ পৰা সমৰ্থন লাভ কৰিছিল’।

তেওঁ লগতে কয়, ‘এনে এগৰাকী ব্যক্তিৰ সৈতে এসময়ত কাম কৰাৰ সুযোগ পাই মই নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰোঁ ৷ গগৈদেৱে অসমক এক অন্ধকাৰ যুগৰ পৰা উলিয়াই আনি ১৫ বছৰীয়া নেতৃত্বকালত ৰাজ্যখনত উন্নয়নৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছিল’৷

এইগৰাকী মহান নেতাৰ বিয়োগ অসমৰ বাবে বৃহৎ ক্ষতি আৰু তেওঁৰ অনুপস্থিতি পূৰণ কৰাটো কঠিন হ’ব বুলিও মন্ত্ৰী শৰ্মাই কয়।

ইয়াৰ উপৰি মন্ত্ৰী শৰ্মাই তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰে।