NORTHEAST NOW (Assamese)
অসম

তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে টীয়কৰ ঐতিহাসিক লাচিত মৈডামৰ সকলো কাৰ্যসূচী বাতিল

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক November 24, 2020 3:43 pm

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টীয়কৰ লাহদৈগড়স্থিত বীৰ লাচিতৰ সমাধিক্ষেত্ৰত আজি লাচিত দিৱস বিভিন্ন কাৰ্য্যসূচীৰে উদযাপনৰ বাবে প্ৰস্তুতি সম্পুৰ্ণ কৰি তোলা হৈছিল।

লাচিত দিৱসৰ প্ৰাকক্ষণত অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ বিয়োগত সমগ্ৰ ৰাজ্য ম্ৰিয়মান হৈ থকাৰ সময়ত আজি মৈদামৰ সমূহ কাৰ্য্যসূচী বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উদ্যোক্তা সকলে কেবল মৈদাম তৰ্পন আৰু বীৰ লাচিতৰ প্ৰতিমুৰ্তিত মাল্যাৰ্পন কৰি অনুষ্ঠানৰ সামৰণি মাৰে।

লাচিত দিৱসৰ মাল্যাৰ্পন অনুষ্ঠানতে সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীৰ আত্মাৰ সদগতিৰ অৰ্থে সকলোৱে সমবেত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে প্ৰাৰ্থনা কৰে।

উল্লেখযোগ্য যে, অসমৰ তিনিটা কাৰ্য্যকালৰ মুখ্য মন্ত্ৰী তৰুণ গগৈৰ সোমবাৰে বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত পৰলোকপ্ৰাপ্তি ঘটিছিল।

গগৈৰ বিয়োগত দেশৰ ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰীৰ লগতে সকলো ৰাজনৈতিক নেতাই গভীৰ শোক ব্যক্ত কৰিছে।