NORTHEAST NOW (Assamese)
অসম

তৰুণ গগৈক অসমী আইৰ সু-সন্তান আখ্যা দি শোক প্ৰকাশ আলফা(স্বা)ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 24, 2020 4:24 pm

অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ বিয়োগত শোক ব্যক্ত কৰিছে সংযুক্ত মুক্তি বাহিনী অসম, স্বাধীনে।

‘‘অসম আৰু অসমীয়াক গভীৰভাৱে ভালপোৱা তৰুণ গগৈ দেৱৰ মৃত্যুৰ সৈতে কৰা সংগ্ৰামত নিয়তিৰ বিধানক মানি লৈ চিৰ বিদায় লৈ অসমী আইক এক সু-সন্তানহাৰা কৰা এই ক্ষণত সংযুক্ত মুক্তি বাহিনী অসম(স্বা) সংগঠনৰ সদৌটি পৰম ব্যথিত হৈ পৰিছে,’’ আলফা(স্বা)ই এক শোকবাৰ্তাত এইদৰে উল্লেখ কৰে।

আনহাতে, অসমৰ স্বাৰ্থৰ পৰিপন্থী ভাৰতীয় কংগ্ৰেছ দলৰ শক্তিশালী নেতৃত্বৰ মাজৰ এজন নেতা হৈয়ো গগৈয়ে খিলঞ্জীয়া অসমীয়াৰ হকে নিশ্বাৰ্থভাৱে কৰা ত্যাগৰ বাবে আলফা স্বাধীনে তৰুণ গগৈক সদায় মনত ৰাখিব বুলিও আলফা স্বাধীনে শোকবাৰ্তাটোত লিখে।

‘‘ভাৰতৰ ৰাজনীতিত তৰুণ গগৈৰ স্থান যিয়ে নহওঁক কিয়, থলগিৰি অসমৰ চিত্তত তেখেতে যি ঠাই পাবলৈ সমৰ্থ হ’ল, জাতিৰ আয়ুসৰ এটি উশাহ হৈ তেখেত জীয়াই থাকিব,’’ আলফা স্বাধীনে নিজৰ শোকবাৰ্তাটোত পুনৰ এনেদৰে লিখে।

উল্লেখযোগ্য যে, অসমৰ তিনিবাৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ দেৱৰ সোমবাৰে বিয়লি পৰলোকপ্ৰাপ্তি ঘটে।

জেষ্ঠ ৰাজনীতিবিদ গৰাকীৰ বিয়োগত ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰীৰ লগতে চৰকাৰ, বিৰোধীৰ সকলো নেতাই গভীৰ শোক ব্যক্ত কৰে।