NORTHEAST NOW (Assamese)
অসম

শোণিতপুৰৰ নপাম বৰগুৰিত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এটি শিশু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 24, 2020 7:21 pm

শোণিতপুৰ জিলাৰ বৰঘাট আৰক্ষী পহৰাচকীৰ অন্তৰ্গত নপাম বৰগুৰি অঞ্চলত আজি এটা বাঘৰ আকস্মিক আক্ৰমণত এগৰাকী শিশু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

উক্ত অঞ্চলটোত বাঘটোৱে দীৰ্ঘদিনৰ পৰা ভালেসংখ্যক পোহনীয়া জীৱ-জন্তুকো আক্ৰমণ কৰি আহিছে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

বাঘটোৰ আকস্মিক আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শিশুটোক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

বাঘটোৰ এনে উপদ্ৰৱত অতিষ্ঠ হৈ স্থানীয় লোকে ভবিষ্যতে যাতে পুনৰ কোনোধৰণৰ ভয়াবহ ঘটনাৰ সৃষ্টি নহয় সেই কথা সুনিশ্চিত কৰিবলৈ বন বিভাগক আহ্বান জনায়।

আনহাতে, বন বিভাগৰ সৈতে এই সম্পৰ্কত যোগাযোগ কৰাত তেওঁলোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ইতিমধ্যে বাঘটো কৰায়ত্ত্ব কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, নপাম বৰগুৰি অঞ্চলত ২০১০ চনত জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰা এটা বাঘ কৰায়ত্ত্ব কৰিছিল।