NORTHEAST NOW (Assamese)
Popular Stories

গুগল পে’-এ ইউজাৰে ভৰিব লাগিব নেকি মাচুল? : কি ক’লে গুগলে? জানিবলৈ পঢ়ক…

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 25, 2020 7:10 pm
google-1140x570

গুগলে দিলে ভাৰতীয় গুগল পে’ ব্যৱহাৰকাৰীসকলক সুখবৰ। ভাৰতীয় ইউজাৰসকলে গুগল পে’ৰ দ্বাৰা ধন হস্তান্তৰ কৰিলে মাচুল ভৰিব নেলাগে। বুধবাৰে গুগলে ঘোষণা কৰিছে এই কথা।

কিছুদিনৰ পূৰ্বে গুগল পে’ৰ জৰিয়তে ধন হস্তান্তৰ কৰিলে ইউজাৰসকলে অতিৰিক্ত মাচুল ভৰিব লাগিব বুলি খবৰ উলাইছিল। বুধবাৰে গুগলে স্পষ্ট কৰিছে যে ভাৰতীয় গুগল পে’ ইউজাৰসকলে মাচুল ভৰিব নেলাগে।

গুগলে লগতে কয় যে আমেৰিকাৰ ইউজাৰসকলেহে গুগল পে’ৰ দ্বাৰা ধন হস্তান্তৰ কৰিলে মাচুল ভৰিব লাগিব।

উল্লেখ্যেে যে গুগলে নতুনকৈ ডিজাইন কৰাৰ গুগল পে’ৰ দুটা ভাৰ্চন সম্পূৰ্ণ কৰি তুলিছে। এই ভাৰ্চন দুটা হৈছে ক্ৰমে এণ্ডয়ড় আৰু iOS। এণ্ডডয়টো গুগলে ৰিডিজাইজন কৰিছে আৰু iOSটো কৰিছে এপলে।

অহা বছৰৰ পৰা গুগল পে’ৰ দুয়োটা ভাৰ্চন আমেৰিকাত মুকলি কৰা হ’ব আৰু মাৰ্কিন ইউজাৰসকলে গুগল পে’ ব্যৱহাৰ কৰাৰ বাবদ মাচুল ভৰিব লাগিব।

সংস্থাটোৱে ঘোষণা কৰি কয় যে গুগল পে’ৰ ‘পিয়াৰ টু পিয়াৰ’ পেমেন্ট সুবিধা অহা ২০২১ জানুৱাৰীত বন্ধ কৰা হ’ব।

গুগল পে’ৰ ৱেব এপটোক সংস্থাটোৱে বন্ধ কৰিছে। আগন্তুক বৰ্ষৰ পৰা pay.google এপৰ জৰিয়তে ধন হস্তান্তৰ কৰাটো বন্ধ কৰিব সংস্থাটোৱে।

ইয়াৰ বিপৰীতে ধন হস্তান্তৰ কৰিবলৈ ইউজাৰসকলে কেৱল গুগল পে’ ব্যৱহাৰ কৰিব লাগিব।