NORTHEAST NOW (Assamese)
অসম

তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত লীলা গগৈৰ বিশেষ বক্তৃতানুষ্ঠান সম্পন্ন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 25, 2020 8:35 pm
Tezpur-University

তেজপুৰ বিশ্ববিদ্যালয়ৰৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু অধ্যাপক লীলা গগৈৰ পৰিয়ালৰ সহযোগত অধ্যাপক লীলা গগৈৰ জন্ম বাৰ্ষিকী উপলক্ষে আজি পুৱা ১১ বজাৰ পৰা ‘ডিজিটেল মানৱিকীবিদ্যা আৰু সংস্কৃতি( Digital Humanities and Culture) বিষয়ক এক বিশেষ বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়।

তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী সুৱতজ্যোতি নেওগে আৰম্ভণি কৰা অনুষ্ঠানটোৰ আঁত ধৰে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক সঞ্জীৱ পল ডেকাই।

বক্তৃতানুষ্ঠানৰ উদ্বোধক হিচাপে উপস্থিত থাকে তেজপুৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য বিনোদ কুমাৰ জৈন। উদ্বোধনী ভাষণত তেখেতে জ্ঞানচৰ্চাৰ নতুন ক্ষেত্ৰ হিচাপে ডিজিটেল মানৱিকীবিদ্যাৰ উত্থান আৰু ইয়াৰ প্রাসংগিকতা সন্দৰ্ভত মন্তব্য প্রদান কৰে।

মুখ্য অতিথি হিচাপে উপস্থিত থকা প্রথিতযশা সাহিত্যিক-বুদ্ধিজীৱি অধ্যাপক ডঃ নগেন শইকীয়াই লীলা গগৈৰ জীৱন আৰু কৰ্মৰাজিৰ সন্দৰ্ভত এক আলোচনা আগবঢ়ায়। তেখেতৰ বক্তব্যৰ জৰিয়তে অসমীয়া সংস্কৃতি চৰ্চা আৰু সাহিত্যত লীলা গগৈৰ অৱদানৰ বিভিন্ন দিশ উন্মোচিত হয়।

অধ্যাপক লীলা গগৈৰ পৰিয়ালৰ হৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক বলীন কুমাৰ কোঁৱৰে লীলা গগৈৰ সান্নিধ্য স্মৰণ কৰাৰ লগতে তেখেতৰ কৰ্মজীৱনৰ বিষয়ে মন্তব্য প্রদান কৰে।

ইয়াৰ পাছতে যাদৱপুৰ বিশ্ববিদ্যালয়ৰ তুলনামূলক সাহিত্য বিভাগৰ অধ্যাপক, বিশিষ্ট গৱেষক স্যামন্তক দাসে ‘ডিজিটেল মানৱিকীবিদ্যা আৰু সংস্কৃতি’ বিষয়ত তেখেতৰ সাৰগৰ্ভ বক্তৃতা আগবঢ়ায়।

তেখেতৰ বক্তব্যত ডিজিটেল যুগে সাহিত্য-সংস্কৃতি চৰ্চালে কঢ়িয়াই অনা যুগান্তকাৰী পৰিৱৰ্তন, বিদ্যায়তনিক গৱেষণাত ডিজিটেল মাধ্যমৰ গুৰুত্ব, জ্ঞান-চৰ্চাক ডিজিটেল মানৱিকীবিদ্যাই প্রদান কৰা নতুন মাত্ৰা, সংস্কৃতিক উপাদানৰ ডিজিটেল সংৰক্ষণ আদি বিষয় আৰু প্রসংগই স্থান লাভ কৰে।

উল্লেখযোগ্য যে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত ডিজিটেল মানৱিকীবিদ্যাৰ এক পাঠ্যক্ৰমৰো অন্তৰ্ভুক্ত কৰা হৈছে।

স্যামন্তক দাসৰ বক্তৃতাৰ পাছত বিষয় সন্দৰ্তত তেখেতৰ সৈতে এক মত-বিনিময়ৰ অনুষ্ঠান হয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক বলীন কুমাৰ কোঁৱৰ,পৰশমণি দত্ত, মোচুমী কন্দলী আদিয়ে আলোচনাত অংশগ্ৰহণ কৰে।

অৰ্ধশতাধিক অংশগ্ৰহণকাৰীৰ উপস্থিতিত গুগল মীটৰ জৰিয়তে সম্পন্ন হোৱা অনুষ্ঠানটো অসমীয়া বিভাগৰ ইউটিউব চেনেল যোগেৰেও পোনপতীয়া সম্প্ৰচাৰ হয়।