NORTHEAST NOW (Assamese)
অসম

বড়োলেণ্ডৰ দাবীত এবছুৰ দহ দিনীয়া অৰ্থনৈতিক অৱৰোধ ঘোষণা

Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : November 29, 2017 5:34 pm

বড়োলেণ্ডৰ দাবীত এবছুৱে দহ দিনীয়া অৰ্থনৈতিক অৱৰোধ কাৰ্য্যসূচীৰ কথা ঘোষণা কৰিছে। এই কাৰ্য্যসূচী অহা জানুৱাৰি মাহত কাৰ্য্যকৰী কৰা হ’ব বুলি জনাইছে সূত্ৰটোৱে। ইয়াৰ লগতে ছাত্ৰ সংগঠনটোৱে ডিচেম্বৰত ২৪ ঘণ্টীয়া ৰাষ্ট্ৰীয় পথ অৱৰোধৰ কাৰ্য্যসূচীও গ্ৰহণ কৰিব। সাংবাদিকৰ সন্মুখত এবছুৰ সভাপতি প্ৰমোদ বড়োৱে এই বুলি কয়, ‘আমি অতি শীঘ্ৰেই বড়োলেণ্ড সমস্যাটোৰ সমাধান বিচাৰো। আমি বহুকেইটা ত্ৰিপাক্ষিক আলোচনাত ভাগ ল’লো। কিন্তু একো কাম নহ’ল। আমি চৰকাৰৰ স্থিতিত সন্তুষ্ট নহয়।’ উল্লেখযোগ্য যে যোৱা ২৮ নৱেম্বৰত এবছু, এন ডি এফ বি (পি) আৰু পি জে এ চি বি এমে ঐক্যবদ্ধভাৱে দিল্লীৰ ৰামলীলা ময়দানত তেওঁলোকৰ দাবীৰ সমৰ্থনত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰিছিল।

বড়োলেণ্ডৰ দাবীত ৰাজঘাটৰ পৰা সংসদ মাৰ্গলৈ উলিওৱা শোভাযাত্ৰাৰ এক দৃশ্য।

সভাপতি বড়োৱে তেওঁৰ মন্তব্যত ভাৰতীয় সংবিধানৰ অধীনত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সোণকোষ নদীৰ পৰা বড়োলেণ্ড গঠন কৰা, প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত থকা বড়োসকলৰ ৰাজনৈতিক তথা ভূমিৰ অধিকাৰ নিশ্চিত কৰা আদি দাবী কৰে। সংগঠনকেইটাই তেওঁলোকৰ দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰধান মন্ত্ৰীক প্ৰদান কৰাৰ পূৰ্বে আজি ৰাজঘাটৰ পৰা সংসদ মাৰ্গলৈ (Parliament Street) এক বৃহৎ শোভাযাত্ৰা উলিয়ায়। তেওঁলোকে তেওঁলোকৰ দাবীৰ সমৰ্থনত তেজেৰে কৰা পাঁচলাখ চহীযুক্ত এক পত্ৰও প্ৰধান মন্ত্ৰীক প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে।