NORTHEAST NOW (Assamese)
অসম

আগন্তুক শিক্ষাবৰ্ষৰ পৰা মাতৃ ভাষাতো উপলব্ধ হ’ব অভিযান্ত্ৰিক শিক্ষা : পোখৰিয়াল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 27, 2020 3:05 pm
Union-HRD-minister-1140x570 (1)

আগন্তুক শিক্ষাবৰ্ষৰ পৰা অভিযান্ত্ৰিক পাঠ্যক্ৰম গ্ৰহণ কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলে নিজৰ মাতৃ ভাষাতে এই শিক্ষা গ্ৰহণ কৰিব পাৰিব।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল নিসাংকে বৃহস্পতিবাৰে আগন্তুক শিক্ষাবৰ্ষৰ পৰা অভিযান্ত্ৰিক পাঠ্যক্ৰম মাতৃভাষাত গ্ৰহণৰ বিষয়ে সদৰী কৰে।

‘‘ইয়াৰ বাবে কেইখনমান ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান আৰু এন আই টিক নিৰ্বাচন কৰা হৈছে,’’ পোখৰিয়ালে টুইট যোগে এইদৰে কয়।

আনহাতে, নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে বিভিন্ন পৰিষদৰ বৰ্তমানৰ স্থিতি পৰ্যালোচনা কৰি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰিব বুলিও শিক্ষা মন্ত্ৰী গৰাকীয়ে লগতে জানিবলৈ দিয়ে।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী গৰাকীয়ে আগন্তুক বৰ্ষত কেনেদৰে আৰু কি ধৰণে পৰীক্ষা সমূহ অনুষ্ঠিত কৰা যাব সেই সম্পৰ্কে অভিভাৱক, ছাত্ৰ-ছাত্ৰীসকলৰ পৰা পৰামৰ্শ গ্ৰহণৰ বাবে এক অভিযান শিক্ষা বিভাগে শীঘ্ৰে মুকলি কৰিব বুলি কয়।

বৃহস্পতিবাৰে শিক্ষা বিভাগৰ এক উচ্চস্তৰীয় বৈঠকত অধ্যক্ষতা কৰাৰ পাছতে পোখৰিয়ালে এই কথা উল্লেখ কৰে।