NORTHEAST NOW (Assamese)
অসম

অসমত কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮০ গৰাকীলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 27, 2020 8:04 pm

অসমত আজি ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত নতুনকৈ দুগৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাই।

ইয়াৰ ফলত অসমত বৰ্তমানলৈ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৯৮০ গৰাকীলৈ বৃদ্ধি পায়।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াযোগে এই কথা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত কোনো ব্যক্তিৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা নাছিল।

আজি ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা ব্যক্তি দুগৰাকী হৈছে ক্ৰমে- ডিব্ৰুগড়ৰ কাশী শৰ্মা(৭৫) আৰু গোৱালপাৰাৰ বিনয় ভূষণ নাথ(৮১)

স্বাস্থ্য মন্ত্ৰী শৰ্মাই কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা ব্যক্তি দুগৰাকীৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

অসমত বৰ্তমান সময়ত ক’ৰ’না ভাইৰাছৰ পৰা আৰোগ্য লাভৰ হাৰ ৯৮ শতাংশলৈ বৃদ্ধি পাইছে।

ৰাজ্যত সক্ৰিয় কোভিড ৰোগীৰ সংখ্যাও ক্ৰমাৎ কমি আহিছে যদিও ভবিষ্যতে শীত আৰু প্ৰদূষণৰ বাবে এই সংখ্যা পুনৰ বৃদ্ধি হ’ব পাৰে বুলি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য সমূহক সতৰ্ক কৰি দিছে।