NORTHEAST NOW (Assamese)
অসম

‘সন্ত্ৰাসবাদ, মৌলবাদ আৰু সাম্প্ৰদায়িকতাবাদ মানৱতাৰ শত্ৰু’ : মৰিগাঁৱত ‘মাছৰ’ সন্ত্ৰাস বিৰোধী দিৱস পালন

Posted by: চানু গগৈ Updated by: চানু গগৈ November 27, 2020 9:10 pm
index.jpgb

মানৱ অধিকাৰ সংগ্ৰাম সমিতি চমূকৈ ‘মাছৰ’ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি জিলা সমিতিৰ উদ্যোগত জিলা সাংবাদিক সংস্থাৰ সভাকক্ষত অনুষ্ঠিত হয় এই প্ৰতিবাদী কাৰ্যসূচী।

মাছৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি কেশৱ চন্দ্ৰ চহৰীয়াৰ সঞ্চালনাত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠিৰ প্ৰতিবাদী কাৰ্যসূচীত উদ্বোধনী ভাষণ ৰাখে মৰিগাঁও জিলাৰ ‘মাছৰ’ প্ৰাক্তন অধ্যক্ষ বুবু মণি গোস্বামীয়ে।

ভাষণ প্ৰসংগত তেঁও ‘সন্ত্ৰাসবাদ’ বিৰোধী দিৱসৰ বিস্তৃতভাৱে আলোকপাত কৰি এই বিষয়ত তেঁও চৰকাৰক ক্ষোৰধাৰ সমালোচনা কৰে।

অনুষ্ঠানত নিদিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে অঃজাঃযুঃ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ললিত পাচনিয়ে।আনহাতে বিশিষ্ট অতিথিৰ হিছাপে ভাষণ ৰখায় ‘মাছৰ’ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা বৈকুণ্ঠ শইকীয়াই।

মাছৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সচিব প্ৰধান লক্ষীপ্ৰসাদ ডেকাই আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্য কৰা অনুষ্ঠানটোত বক্তব্য ৰাখে মাছৰ জিলা সমিতিৰ প্ৰচাৰ সচিব জিতু মণি নাথ, অৱসৰী শিক্ষক দেবেন দাস, সমাজকৰ্মী তুলসী ডেকা, পিংকী ইয়াচিন চুলতানা আহমেদে।

উল্লেখ্য যে ৰাষ্ট্ৰযন্ত্ৰই সৃষ্টি কৰা সন্ত্ৰাসময় পৰিস্থিতিৰ গৰ্ভতে অসমত সন্ত্ৰাসবাদ আৰু মৌলবাদৰ উত্থান ঘটিছে। যাৰ পৰিপ্ৰেক্ষিতত আজিও উক্ত ধাৰা অব্যাহত আছে।

মানৱতা বিৰোধী ‘সাময়িক বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ বাবে দেশে-বিদেশে প্ৰৱল জনমত গঠন হোৱা স্বত্বেও ভাৰত চৰকাৰে এই দানৱীয় আইনখন প্ৰত্যাহাৰৰ বাবে চৰকাৰে সদ্দিচ্ছা প্ৰকাশ কৰা নাই।

অসমকে ধৰি উত্তৰপূৰ্বাঞ্চৰ বিভিন্ন সশস্ত্ৰ বিদ্ৰোহী সংগঠনে শান্তিৰ মেজলৈ অহাৰ পৰিপ্ৰেক্ষিতত সন্ত্ৰাসৰ তীব্ৰতা পূৰ্ৱৰ তুলনাত হ্ৰাস পাইছে যদিও জনগণৰ ন্যাৰ্য গণতান্ত্ৰীক প্ৰতিবাদ, আন্দোলনসমূহক ধব্বংস কৰিবলৈ ব্যাপক হাৰত দমনমুলক নানা ক’লা আইনৰ মাধ্যমত ৰাষ্ট্ৰৰ সন্ত্ৰাস চৰকাৰে অব্যাহত ৰাখিছে।

সেয়ে এনে এটি স্পৰ্যকাতৰ বিষয়কলৈ মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে সুদীৰ্ঘ ১৯৯০ চনৰ ২৭ নবেম্বৰ দিনটো সমগ্ৰ ৰাজ্যখনতে “সন্ত্ৰাসবাদ বিৰোধী’ দিৱস হিছাপে পালন কৰি আহিছে।

গাম্ভীৰ্যপূৰ্ণ আজিৰ অনুষ্ঠানটিত জিলাখনৰ শিক্ষক, সাংবাদিক কবি, সাহিত্যিক জ্যেষ্ঠ নাগৰিক তথা বিভিন্ন প্ৰান্তৰ আৰু জিলাৰ মানৱ অধিকাৰ কৰ্মী, ৰাইজ উপস্থিত থাকে।