NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলত সীমাহীন সমস্যা : কাণসাৰ নাই চৰকাৰৰ

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা November 29, 2020 6:27 pm
index.jpg

গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী বিভিন্ন অঞ্চলক আজিও সীমাহীন সমস্যাই গ্ৰাস কৰি ৰাখিছে৷

বিশেষকৈ যাতায়াত, খোৱাপানী, স্বাস্থ্য আৰু শিক্ষাৰ সমস্যাই যুগ যুগ ধৰি নগুৰ-নাকতি কৰি আহিছে সীমান্তবাসী ৰাইজক৷

তেনে এক সমস্যা বহুল অঞ্চল গোৱালপাৰা পূৱ বিধান সভা সমষ্টিৰ কুকুৰকাটা৷ অসম-মেঘালয় সীমান্তৱৰ্তী কুকুৰকাটাৰ টিকলিপাৰা, সৰকপাৰা, গাৰোমাৰা আদিকে ধৰি সাতখনৰো অধিক গাঁৱৰ ৰাইজৰ দুখ দুৰ্দশা দেখিলে সকলোৰে চকু কপালত উঠিব৷

আজি এই অতি আধুনিকতাৰ দিনতো অঞ্চলটোৰ গাঁৱসমূহৰ পৰা ওলোৱা-সোমোৱা কৰা একমাত্ৰ পথটো গোটেই বছৰে পানীৰে পৰিপূৰ্ণ হৈ থাকে। বাৰিষা একাঁঠু পানী জমা হোৱা পথটোৰ অৱস্থা খৰালি কালতো হৈ থাকে তথৈৱচ৷তেনে পংকিলময় পৰিবেশৰ মাজৰেই দিন অতিবাহিত কৰিছে অঞ্চলটোৰ ৰাইজে৷

অঞ্চলটোত বিশুদ্ধ খোৱাপানীৰো সমস্যা আজিলৈকে সমাধান নহ’ল৷ স্থানীয় লোকে আজিও তৃষ্ণা দূৰ কৰে ঝৰ্ণাৰ পানীৰে৷

অতি ভিতৰুৱা অঞ্চলটোত প্ৰয়োজনীয় শিক্ষানুষ্ঠানৰো অভাৱ৷ জিনাৰি নৈৰ সিটো পাৰত এখন বিদ্যালয় আছে যদিও নৈ পাৰ হ’বলৈ নাই দলং৷ যাৰ পৰিপ্ৰেক্ষিতত কণ কণ শিশু সকলে ভৰা নৈ পাৰ হ’ব লাগে ভূৰ অথবা টুলুঙা নাৱেৰে৷

বাহিৰৰ পৃথিৱীৰ কূট কৌশল বুজি নোপোৱা এই অঞ্চলৰ বাসিন্দাসকলৰ বাবে উন্নয়ন অথবা পৰিবৰ্তন আজিও নুবুজা সাঁথৰ৷

প্ৰতিটো নিৰ্বাচনৰ সময়ত সকলো ৰাজনৈতিক দলে উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়ে যদিও আজিলৈকে গাঁওখনলৈ যোৱা পথটোয়ে নিৰ্মাণ নহ’ল৷ অন্যান্য সমস্যা সমাধানৰ সপোনতো সুদূৰপৰাহত৷

আকৌ আহিছে নিৰ্বাচন৷আকৌ আহিব নেতা পালিনেতা৷পিছে, উন্নয়ন হ’বনে গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৱৰ্তী এই অঞ্চল সমূহৰ? আগন্তুক নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কুকুৰকাটাৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ এয়াই হৈছে লাখটকীয়া প্ৰশ্ন৷