NORTHEAST NOW (Assamese)
অসম

দেশৰ সকলো ৰে’ল ষ্টেশ্যনতে এইবাৰ প্লাষ্টিকৰ সলনি মাটিৰ কাপত বিক্ৰী হ’ব চাহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 30, 2020 10:00 am
unnamed

প্লাষ্টিকৰ কাপক বিদায় দি দেশৰ সকলো ৰে’ল ষ্টেশ্যনতে এইবাৰ মাটিৰ কাপতে বিক্ৰী হ’ব চাহ। দেওবাৰে ৰে’ল মন্ত্ৰী পীযুষ গোৱেলে এই কথা জানিবলৈ দিয়ে। পৰিৱেশ-অনুকূল সামগ্ৰীৰ ব্যৱহাৰত সৰ্বসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবেই এনে প্ৰচেষ্টা লোৱা বুলি কোৱা হৈছে।

ৰাজস্থানৰ আলৱাৰ জিলাৰ ধীগাৱায়াৰ-বান্দিকুই ছেকশ্যনৰ ইলেকট্ৰিক লাইনত ৰে’ল পৰিসেৱা উদ্বোধন কৰি ৰে’ল মন্ত্ৰী গৰাকীয়ে কয় যে ৰে’ল ষ্টেশ্যনসমূহত ইমানদিনে প্লাষ্টিকৰ কাপত চাহ বিক্ৰী হৈছিল। দেশৰ চাৰিশটা ষ্টেশ্যনত মাটিৰ পাত্ৰত চাহ বিক্ৰী কৰা হৈছে। কিন্তু এইবাৰৰ পৰা সকলোতে কেবল মাটিৰ পাত্ৰতহে চাহ বিক্ৰী কৰিব পাৰিব।

দেশক প্লাষ্টিকমুক্ত কৰাৰ  প্ৰচেষ্টাৰ অংশ হিচাপে ভাৰতীয় ৰে’ল বিভাগে এই পদক্ষেপ গ্ৰহণ কৰিছে।

ৰে’লমন্ত্ৰী গৰাকীয়ে প্ৰথম অৱস্থাত কেন্দ্ৰৰ ফালৰ পৰাই প্ৰতিটো ষ্টেশ্যনলৈ এই মাটিৰ পাত্ৰসমূহ যোগান ধৰা হ’ব বুলি জানিবলৈ দিয়ে।

য’তে ত’তে প্লাষ্টিক পেলোৱাৰ ফলত যিদৰে ষ্টেশ্যনসমূহ লেতেৰা হৈ পৰে, সেইদৰে পৰিৱেশৰো ক্ষতি হয়। সেয়েহে, স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে আৰু ক নতুন পদ৭এপ গ্ৰহণ কৰিলে ৰে’ল মন্ত্ৰীগৰাকীয়ে।

অৱশ্যে, কেতিয়াৰ পৰা দেশৰ সকলো ষ্টেশ্যনতে মাটিৰ কাপত চাহ বিক্ৰী আৰম্ভ হ’ব সেই বিষয়ে চৰকাৰীভাৱে এতিয়াও ঘোষণা কৰা হোৱা নাই।